অসম

জৰিমনা কেলেংকাৰীৰে নাম সাঙোৰ খোৱা আৰক্ষী বিষয়া ৰুদ্ৰকান্ত বৰাক ৰিৰ্জাভ ক্ল'জ

Asomiya Pratidin

ডিজিটেল সংবাদ,ছয়দুৱাৰ : যান-বাহনৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ নামত জৰিমনা বিহাৰ গইনা লৈ গুগল পে'যোগে ৩ হাজাৰ টকা আদায় কৰি ১ হাজাৰ টকাৰ ৰচিদ দিয়া এগৰাকী আৰক্ষীৰ কাণ্ডই লাজত পেলাইছে বিশ্বনাথৰ আৰক্ষীক। নিজৰ পকেট গৰম কৰা হেলেমৰ আৰক্ষীগৰাকীৰ এই কৰ্ম-কাণ্ডৰ বিৰুদ্ধে আৰম্ভ হৈছে এক কঠোৰ তদন্ত।

বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাৰ নিৰ্দেশত আৰম্ভ হোৱা এই তদন্তত জৰিমনা বিহাৰ নামত সংঘটিত কৰা একাধিক কেলেংকাৰীৰ তথ্য প্ৰমাণিত হৈছে। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন আৰু অসমীয়া প্ৰতিদিন ডিজিটেলত প্ৰকাশ পোৱা "হেলেম থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰুদ্ৰকান্ত বৰাৰ নেতৃত্বত মাফিয়াৰাজ","যান বাহনৰ নথি-পত্ৰ পৰীক্ষাৰ নামত হাৰাশাস্তি","গুগল পে'ত তিনি হাজাৰ টকা লৈ বাহনৰ গৰাকীক ৰছিদ দিয়ে এহেজাৰ টকাৰ" শিৰোনামাৰ বাতৰিটোৰ আঁত ধৰি আৰম্ভ হোৱা এই তদন্তত আৰক্ষী বিষয়া ৰুদ্ৰকান্ত বৰাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি ৰিৰ্জাভ ক্ল'জ কৰা হৈছে বুলি জানিব পৰা গৈছে।

এই আপত্তিজনক বিষয়টোক বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাই গুৰুত্ব সহকাৰে লৈছে। এই ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষক বৰুৱাই গহপুৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া শোভন চন্দ্ৰ দাসক সমগ্র বিষয়টো তদন্ত কৰিবলৈ দিয়ে।

মহকুমা আৰক্ষী বিষয়া শোভন চন্দ্ৰ দাসে দেওবাৰে দুপৰীয়া হেলেম আৰক্ষী থানাত উপস্থিত হৈ চলোৱা তদন্তত গুগল পে' যোগে যোৱা ৭ আগষ্ট আৰু ২০ চেপ্তম্বৰত ক্ৰমে ৩হাজাৰ আৰু ২হেজাৰ টকা আদায় লৈ একেজন গাড়ী মালিকক ১হেজাৰ, ১হেজাৰ টকাৰ দুখন ৰচিদ দিয়াৰ তথ্য লাভ কৰে।

উল্লেখযোগ্য যে আৰক্ষী বিষয়া ৰুদ্ৰকান্ত বৰাৰ পৃষ্ঠপোষকতাত হাবিলদাৰ যদু গগৈ এণ্ড কোম্পানীয়ে যান বাহনৰ নথি পত্ৰ পৰীক্ষা কৰাৰ নামত দীৰ্ঘদিনৰে পৰা এই অসৎ পন্থাৰে ধন ঘটি এক সন্ত্ৰাস চলাই আহিছিল অঞ্চলটোত। যান-বাহনৰ নথি পত্ৰ পৰীক্ষা কৰাৰ নামত সাধাৰণ ৰাইজক টেঁটু চেপি অহা হেলেম আৰক্ষীৰ এই কাৰ্য্যই সীমা চেৰাই যোৱাত অঞ্চলটোৰ ৰাইজ অতিষ্ঠ হৈ পৰে।

আৰক্ষী বিষয়া ৰুদ্ৰকান্ত বৰা আৰু হাবিলদাৰ যদু গগৈৰ ছত্ৰছায়াত সংঘটিত হৈ অহা এই কাণ্ডৰ বিষয়ে তথ্য সহকাৰে বাতৰি প্ৰকাশ পোৱাৰ পিছত আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাই গ্ৰহণ কৰা কঠোৰ পদক্ষেপক শলাগ লৈছে অঞ্চলটোৰ ৰাইজে।এইক্ষেত্ৰত হাবিলদাৰ যদু গগৈৰ বিৰূদ্ধেও শাস্তি মূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

ৰুদ্ৰকান্ত বৰাক ৰিৰ্জাভ ক্ল'জ কৰাৰ পিছত হাৱাজান আৰক্ষী চকীৰ আই চি সঞ্জয় শইকীয়াক হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে স্থলাভিষিক্ত কৰা হৈছে বুলি জানিব পৰা গৈছে। নতুন আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত থানাখন সংস্কাৰ সাধন হ'ব বুলি আশা প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে।