অসম

কঠীয়াতলীত উদ্ধাৰ অজগৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, কঠীয়াতলীঃ নগাঁও জিলাৰ কঠিয়াতলী আঞ্চলিক বন বিভাগৰ অৰ্ন্তগত কন্দলী পাহাৰৰ নামনিত এডাল প্ৰকাণ্ড অজগৰ সাপ বন বিভাগৰ এটি দলে উদ্ধাৰ কৰে। শিলৰ ফাকত বিশ্ৰামৰত অৱস্থাত এজাক কিশোৰে গাত শুকান গছপাত দি জুই লগাই দিয়াৰ খবৰ পায় বন বিভাগৰ দলে উদ্ধাৰ কৰি কঠীয়াতলী আঞ্চলিক বন বিভাগৰ কাৰ্যালযলৈ লৈ আনে।

প্ৰায় ১৪ ফুট দৈৰ্ঘ্য আৰু ৩০ কে জি ওজনৰ প্ৰাপ্তবয়স্ক সাপ ডাল বাৰ্মিজ পাইথান (অজগৰ) সাপ বুলি বন বিভাগে জানিবলৈ দিয়ে। সন্ধ্যা কঠীয়াতলী বন বিভাগৰ বন বিষয়া দেবব্ৰত খনিকৰ নেতৃত্বত যোৱা বন বিভাগৰ দলে ডবকা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে।