সমষ্টি পুনৰ নিৰ্ধাৰণঃ নিৰ্বাচন আয়োগৰ শুনানিৰ সময়সূচীত কিছু সালসলনি...

সমষ্টি পুনৰ নিৰ্ধাৰণঃ নিৰ্বাচন আয়োগৰ শুনানিৰ সময়সূচীত কিছু সালসলনি...

author-image
Asomiya Pratidin
New Update
অসমসহ দেশৰ ৯ ৰাজ্যৰ ১২ খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ দিন ঘোষণা...

সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানি গ্ৰহণ কৰিবলৈ অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল... ELECTION COMMISSION OF INDIA

ডিজিটেল ডেস্কঃ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত ৰাজহুৱা শুনানি গ্ৰহণ কৰিবলৈ অসমলৈ আহিবলগীয়া নিৰ্বাচন আয়োগৰ দলটোৰ ৰাজহুৱা সভাৰ বাবে পূৰ্ব নিৰ্ধাৰিত সময়সূচীৰ কিছু সালসলনি কৰিছে। এই সন্দৰ্ভত আয়োগে এক জাননীৰ জৰিয়তে নতুন সংশোধিত সময়সূচী প্ৰকাশ কৰিছে।

সেই অনুসৰি আয়োগৰ দলটোৱে ১৯ জুলাই, ২০২৩ ত দিনৰ ২ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত কামৰূপ মহানগৰ, পশ্চিম কাৰ্বি আংলং, চিৰাং বাক্সা আৰু ডিমা হাচাওৰ প্ৰতিনিধিৰে আলোচনাত বহিব।

আনহাতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহৰ ৩ নং হলত কামৰূপৰ প্ৰতিনিধিৰে আৰু শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত ওদালগুৰি, কাৰ্বি আংলং আৰু কোকৰাঝাৰৰ প্ৰতিনিধিৰে বৈঠকত বহিব।

২০ জুলাই ২০২৩ ৰ পুৱা ৯-৩০ বজাৰ পৰা দিনৰ ২ বজালৈ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত গোৱালপাৰা, বঙাইগাওঁ, বৰপেটা, নলবাৰী, শোণিতপুৰ আৰু কৰিমগঞ্জৰ প্ৰতিনিধিৰে, ৩ নং হলত দৰং, হাইলাকান্দি, কাছাৰ আৰু দক্ষিণ শালমাৰাৰ প্ৰতিনিধিৰে বৈঠকত বহিব।

শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত নগাওঁ, মৰিগাওঁ আৰু ধুবুৰীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। বিয়লি ৩-৩০ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ সৈতে আলোচনাত বহিব।

আনহাতে ২১ জুলাই ২০২৩ত পুৱা ৯-৩০ বজাৰ পৰা দিনৰ ১২-৩০ বজালৈ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত তিনিচুকীয়া, ধেমাজি আৰু লখিমপুৰ জিলাৰ প্ৰতিনিধি আৰু শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত ডিব্ৰুগড়, চৰাইদেও, গোলাঘাট আৰু মাজুলীৰ প্ৰতনিধিৰে আয়োগ আলোচনাত বহিব।

Also Read: কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অ'মেন চাণ্ডীৰ মৃত্যু

নিৰ্বাচন আয়োগ সমষ্টি পুনৰ নিৰ্ধাৰণ