অসম

আৰ জি কৰ হাস্পতাল কাণ্ড : ৰঙিয়াত মহিলা সমিতিৰ মৌন প্ৰতিবাদী সমদল

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰঙিয়া : কলকাতাৰ মহিলা চিকিৎসক হত্যাৰ প্ৰতিবাদত বৃহস্পতিবাৰে ৰঙিয়া জিলা মহিলা সমিতিয়ে মৌন প্ৰতিবাদী সমদল উলিয়ায়।‌ সন্ধিয়া ৬ বজাত মহিলা সমিতিয়ে নিজৰ কাৰ্য্যালয়ৰ পৰা আৰক্ষী থানাৰ সন্মূখেৰে চ'চাইটি চ'ক হৈ পুনৰ মহিলা সমিতিৰ কাৰ্যালয়ত সামৰণি পৰে।

সমদলত মহিলা সমিতিৰ প্ৰতিবাদকাৰীসকলে হাতে হাতে মমবাতি, বেনাৰ,ফেষ্টুন লৈ হত্যাকাণ্ডৰ উচিত বিচাৰ, হত্যাকাৰীক কঠোৰ হাতেৰে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে পশ্চিমবংগৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ জঘন্য ঘটনাৰ বিৰুদ্ধে আজি ৰাজপথলৈ ওলাই আহি মৌন সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে মহিলা সমিতিৰ প্ৰতিবাদকাৰীয়ে।

ৰঙিয়া জিলা মহিলা সমিতিৰ উদ্যোগত মহিলাসকলে ন্যায় বিচাৰি মৌন সমদল উলিয়ায়। হত্যাকাৰীক কঠোৰ শাস্তি দিয়া, ভুক্তভোগীক ন্যায় প্ৰদান কৰক,আদি শ্ল’গান লিখা প্লেকাৰ্ড আদি লৈ প্ৰায় তিনি - চাৰি কিলোমিটাৰ পথ অতিক্ৰম কৰি মৌন সমদল বাহিৰ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰায় ৪০ৰো অধিক ছোৱালী-মহিলাই অংশগ্ৰহণ কৰা মৌন প্ৰতিবাদী সমদলত ৰঙিয়া জিলা মহিলা সমিতিৰ সভানেত্ৰী নমিতা দাস,সম্পাদিকা জ্ঞানদা ডেকা ৰাজবংশীকে ধৰি জ্যেষ্ঠ মহিলা নেত্ৰী বসুমতী তালুকদাৰ,প্ৰেমদা বনিয়াকে ধৰি কেইবাগৰাকীও মহিলা সমিতিৰ নেত্ৰী উপস্থিত থাকে।