প্ৰতীকি ফটো 
অসম

শিলঘাটত গঁড়ৰ আক্ৰমনত আহত ১

Asomiya Pratidin

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰ মহকুমাৰ শিলঘাটত মঙলবাৰে সন্ধিয়া প্ৰায় ৬-৩০ বজাত গঁড়ৰ আক্ৰমনত এজন লোক গুৰুতৰ ভাৱে আহত হয়। আহত জনক সংকটজনক অৱস্থাত জখলাবন্ধা স্থিত মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই স্থানীয় লোকে । আহত জনৰ নাম লক্ষণ চৌধুৰী (৪৯) । শিলঘাটৰ অসম সমবায় মৰাপাট কল সংযোগী লোক নিৰ্মান পথতে সংঘটিত হয় এই ঘটনা ।

জানিব পৰা মতে,লক্ষন চৌধুৰীয়ে চাইকেলৰে শিলঘাট বজাৰলৈ গৈ থকাৰ পথত পোৱালী সহ প্ৰকাণ্ড মাইকী গঁড় জনী অতৰ্কিতে পাহাৰৰ নামনিৰ পৰা ওলাই আহি লোকজনক আক্ৰমন কৰে ৷ সম্প্ৰতি গুৰুত্বৰ ভাৱে আহত লোকজনক উন্নত চিকিৎসাৰ বাৱে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰা হৈছে ৷