প্ৰতীকি ফটো 
অসম

কাজিৰঙাত উদ্ধাৰ গঁড়ৰ মৃতদেহ...

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ উদ্ধাৰ আন এটা গঁড়ৰ মৃতদেহ। এইবাৰ কহঁৰা বনাঞ্চলত উদ্ধাৰ গঁড়ৰ মৃতদেহটো ৷ শ’লমৰা বনশিবিৰ এলেকাৰ মৰা ডিফলুৰ পাৰত কৰ্তব্যৰত বনকৰ্মীয়ে উদ্ধাৰ কৰে উক্ত মৃতদেহ। জানিব পৰা মতে মৃতদেহটো মাইকী গঁড়ৰ ৷

এই সন্দৰ্ভত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে গঁড়জনীৰ বাৰ্ধক্যজনীত কাৰণত মৃত্যু হৈছে। উল্লেখ্য গঁড়জনীৰ খৰ্গটো উদ্ধাৰ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ যিহেতু গঁড়জনীৰ মৃতদেহটো নদীৰ পাৰত উদ্ধাৰ হৈছে গতিকে পানীয়ে উটুৱাই নিয়াৰ সম্ভাৱনা থকাৰ বাবে আন বন্য জন্তুৱে ভক্ষণ কৰিব পৰাকৈ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আন স্থানলৈ স্থানান্তৰ কৰিছে মৃতদেহটো ৷