অসম

গহপুৰৰ ডিপৰাত গঁড়ৰ মুক্ত বিচৰণ

Asomiya Pratidin

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰৰ ডিপৰাত এটা গঁড়ৰ মুক্ত বিচৰণক লৈ আতংকিত হৈছে অঞ্চলটোৰ গঞা। মঙ্গলবাৰে পুৱা ৭ মান বজাত কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা গড়টোৱে আক্ৰমণ কৰে পদুম বৰা নামৰ এজন যুৱকক । গঁড়ৰ আক্ৰমণত আহত যুৱজনক বৰ্তমান চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে , বৰ্তমান গড়টো কল্যাণপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা পুখুৰীত সোমাই আছে । বন বিভাগৰ লোকে গঁড়টো খেদিবৰ বাবে চেষ্টা চলাইছে যদিও এইপৰ্যন্ত খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই । পুখুৰীটোৰ চাৰিওফালে স্থানীয় লোকৰ বাসগৃহ আগুৰি থকাৰ সমান্তৰালকৈ আতংকিত ৰাইজৰ বাবে গড়টো খেদি পঠিওৱাত অসুবিধা সন্মুখীন হৈছে বন বিভাগৰ লোক।