অসম

ঘৰতে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি স্ব-নিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিছে ৰিন্টু শইকীয়াই

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ টুপিয়া গাঁৱৰ ৰিন্টু শইকীয়া নামৰ যুৱকজনে ঘৰতে স্থাপন কৰি লোৱা এটা হস্ত নিৰ্মিত সামগ্ৰীৰ ক্ষুদ্ৰ উদ্যোগে সম্প্ৰতি ব্যাপক চৰ্চ্চালৈ আহিছে৷ যিটো উদ্যোগত নিৰ্মাণ কৰি উলিওৱা বাঁহ ,কাঠৰ বিভিন্ন সামগ্ৰীৰ জৰিয়তে যুৱকজন স্বাৱলম্বী হৈ নিজৰ পৰিয়াল ভৰন পোষন দিয়াৰ উপৰিও আন বহুটো যুৱক-যুৱতী ও মহিলাক কৰ্মসংস্থাপনৰ পথ মোকলাই দিবলৈ সক্ষম হৈছে৷

ৰিন্টু শইকীয়াই নামৰ উদ্যমী যুৱক গৰাকীয়ে নিজ হাতে নিৰ্মাণ কৰিছে অসমীয়া বিভিন্ন গহনাৰ লগতে বিহুৰ লগত জড়িত ফুলাম জাপি গগনা,টকা,কাকৈ আদিৰ উপৰিও কাঠৰ গঁড়৷ এই সমূহ নিৰ্মান কৰাৰ ক্ষেত্ৰত ৰিন্টু শইকীয়াক সহযোগীতা আগবঢ়াইছে পত্নী নিৰ্মালী শইকীয়া আৰু আন ১৩ গৰাকী যুৱক যুৱতী আৰু মহিলাই৷

এনেদৰেই নিজৰ ঘৰতে স্থাপন কৰি লোৱা হস্ত নিৰ্মিত সামগ্ৰীৰ ক্ষুদ্ৰ উদ্যোগটোত উৎপাদিত সামগ্ৰী সমুহ ৰপ্তানি কৰা হয় তেজপুৰ,নগাঁও,যোৰহাট, শিৱসাগৰ আদিকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ৷ উদীয়মান শিল্পী যুৱ ব্যৱসায়ী ৰিন্টু শইকীয়াই জানিবলৈ দিয়া মতে উক্ত ঠাই সমুহৰ বজাৰত কাঠৰ গহনা আচবাৱ আদিকে ধৰি সামগ্ৰী সমুহে ব্যাপক চাহিদা লাভ কৰিছে৷

ইয়াৰ জৰিয়তে তেওঁ লাভ কৰিছে বৃহৎ পৰিমানৰ ধন৷ একমাত্ৰ নিজস্ব ধ্যান ধাৰণা আৰু শিল্পী সুলভ মনোবৃত্তিৰে ৰিন্টু শইকীয়া নামৰ উদীয়মান যুৱক গৰাকীয়ে নিজহাতে নিৰ্মান কৰি উলিওৱা সামগ্ৰী সমূহৰ লগতে এটা ১৮ ফুট দাঙৰ অসমীয়াৰ স্বাভিমান বৃহৎ আকাৰৰ ফুলাম জাপিয়ে ইতিমধ্যেই ৰাইজৰ দ্বাৰা বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ বৰ্তমান সময়ত অসমৰ নিৱনুৱা যুৱক যুৱতী সকলৰ বাবে আদৰ্শ স্বৰূপ হৈ পৰা ৰিন্টু শইকীয়াই এনেদৰেই স্বনিৰ্ভৰশীলতাৰ পথ বাছি লবলৈ আহ্বান জনাইছে৷