অসম

ডিভাইডাৰত উঠিল ছুইফট ডিজায়াৰ!

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ শান্তিপুৰৰ ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দূৰ্ঘটনা ৷ দিনৰ পোহৰতে ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত উঠিলগৈ ছুইফট ডিজায়াৰ৷

তেজপুৰ দিশৰ পৰা বিশ্বনাথ চাৰিআলিৰ দিশে গৈ থকা তেলভৰ্তি টেংকাৰক একে দিশত যোৱা চুইফট ডিজায়াৰ বাহন খনে অভাৰট্ৰেক কৰিবলৈ যাওতেই সংঘটিত হয় এই ভয়ংকৰ পথ দূৰ্ঘটনা ৷ ছুইফট ডিজায়াৰ বাহন খনৰ চালক সহ চাৰি আৰোহী আহত হৈছে যদিও কথমপি প্ৰাণ ৰক্ষা পৰে লোককেইজনৰ ৷ ছুইফট ডিজায়াৰ গাড়ীখনৰ নম্বৰ AS-12-S-8249 আৰু টেংকাৰ খনৰ নম্বৰ AS-01-NC-1735 ।