জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনাঃ বিধ্বস্ত দুখনকৈ বাহন... 
অসম

জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনাঃ বিধ্বস্ত দুখনকৈ বাহন...

Asomiya Pratidin

ডিজিটেল সংবাদ জামুগুৰিহাটঃ জামুগুৰিহাটৰ কুসুমটোলাৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ সমীপত চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত হয় এক ভয়ংকপ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত দুখনকৈ বাহন বিধ্বস্ত হোৱাৰ লগতে দুজন আৰোহী গুৰুতৰভাবে আহত হৈছে।

দুৰ্ঘটনা সংঘটিত হোৱা বাহন দুখন ক্ৰমে AS- 32-B-2111 নম্বৰৰ ৱাগেনৰ আৰু AS-12 - AH- 9929 নম্বৰৰ মাৰুটি K-10। দুৰ্ঘটনাত আহত দুই আৰোহীক ততাতৈয়াকৈ চিকিৎসাৰ বাবে স্থানীয় ৰাইজে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে কুসুমটোলাৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ সন্মুখত ইয়াৰ পূৰ্বেও কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে। এনে দুৰ্ঘটনাত কেইবাজনেও হেৰুৱাইছে প্ৰাণ।