ৰঙিয়াত ভয়ংকৰ দুৰ্ঘটনাত আহত ১৩...  
অসম

ৰঙিয়াত ভয়ংকৰ দুৰ্ঘটনাত আহত ১৩...

Asomiya Pratidin

ডিজিটেল সংবাদ ৰঙিয়াঃ ৰঙিয়াত আজি দিনত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । ঘটনাৰ বিৱৰণী অনুসৰি ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত এ এছ ১২ বি চি ০৭৮৮ নম্বৰৰ তেজপুৰৰ পৰা সৰ্থেবাৰীৰ নসত্ৰ আশ্ৰমৰ দিশে গৈ থকা অৱস্থাত ৰাষ্ট্ৰীয় ঘাইপথত মেজিক বাহনখন নিয়ন্ত্ৰণহীন হৈ বাগৰি পৰে।

উল্লেখ্য যে, দিনৰ ১ বজাত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত ১৩ জনকৈ যাত্ৰী আহত হয়। আহত আটাইকেইজন লোককে তাৎক্ষণিকভাৱে ৰঙিয়া আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে বুলি ৰঙিয়া আৰক্ষী থানাৰ যান বাহন শাখাৰ এছ আই ভৱেশ কলিতাই জনাইছে। আনহাতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত পাহি বৰা নামৰ কিশোৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে জি এম চি হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে।