অসম

৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যুৰ কিৰিলি! থাৰ আৰু জিপচি বাহনৰ মুখামুখি সংঘৰ্ষত ৪ জন নিহত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সোমবাৰে পুৱাই ধনশিৰি মহকুমাৰ কাষৰীয়া অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। কাৰ্বিআংলংৰ মাজেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত এই পথ দুৰ্ঘটনাত ৪ জন লোক নিহত হয়।

জানিব পৰা মতে আজি পুৱা বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত হলৌখোৱাত এই দুৰ্ঘটনাটো সংঘটিত হয়। AS 01 FJ 4114 নম্বৰৰ এখন ডিমাপুৰ অভিমুখী থাৰ বাহন আৰু NL 04 C 3801 নম্বৰৰ গোলাঘাট অভিমুখী জিপচী বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো হয় ৷

এই ভয়ংকৰ পথ দুৰ্ঘটনাত ৪ জন থিতাতে নিহত হোৱাৰ লগতে আন ৪ জন গুৰুতৰভাৱে আহত হয়। আহত কেইজনক ইতিমধ্যে বোকাজান চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

বৰ্তমানলৈকে নিহতসকলৰ নাম জানিব পৰা হোৱা নাই। ঘটনাস্থলীত আৰক্ষী আৰম্ভ হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।