গহপুৰত ই-ৰিক্সাৰ খুন্দাত গুৰুতৰভাৱে আহত শিক্ষকঃ হাস্পতালত জীৱন, মৃত্যুৰে যুঁজ... 
অসম

গহপুৰত ই-ৰিক্সাৰ খুন্দাত গুৰুতৰভাৱে আহত শিক্ষকঃ হাস্পতালত জীৱন, মৃত্যুৰে যুঁজ...

Asomiya Pratidin

ডিজিটেল সংবাদ গহপুৰ: গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গহপুৰ নগৰত একাংশ কমবয়সীয়া ই-ৰিক্সা চালকৰ অতপালিত বহু নিৰীহ লোকৰ জীৱনলৈ নামি আহিছে কাল অমানিশা।যাত্ৰী কঢ়িয়াই ধন ঘটাৰ প্ৰতিযোগিতাত নমা একাংশ ই-ৰিক্সা চালকে গুৰু-গোঁসাই নামানি ই-ৰিক্সা চলোৱাৰ বাবে গহপুৰ নগৰত সঘনাই সংঘটিত হ'বলৈ লৈছে ইটোৰ পিছত সিটো সৰু-বৰ দুৰ্ঘটনা।

বুধবাৰে সন্ধিয়া প্ৰায় ৬ বজাত গহপুৰ নগৰৰ মাজমজিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এখন দ্ৰুতবেগী ই-ৰিক্সাৰ প্ৰচণ্ড খুন্দাত গুৰুতৰ ভাবে আঘাট প্ৰাপ্ত হৈ এগৰাকী শিক্ষকে এতিয়া সংকটজনক অৱস্থাত যুজিঁ আছে জীৱন-মৃত্যুৰে। গহপুৰ নগৰৰ ধেনুধৰা নিবাসী তথা ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত এক নং নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দন ভূঞা(৫৫) খোজকাঢ়ি গহপুৰ নগৰৰ মাজমজিয়াত থকা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ "মেডিয়ান" পাৰ হৈ উত্তৰ দিশৰ পৰা দক্ষিণ দিশলৈ যাব লোৱা মুহূৰ্তত এখন দ্ৰুতবেগী ই-ৰিক্সাই(এ এছ ৩২ ই আৰ ০৫৭০)তেওঁক প্ৰচণ্ড জোৰে খুন্দা মাৰে।

ফলত পকী পথৰ ওপৰত ঢলি পৰে তেওঁ।লগে লগে মূৰ ফাটি ৰক্তক্ষৰণ হোৱাৰ লগতে অজ্ঞান হৈ পৰে শিক্ষকগৰাকী। দুৰ্ঘটনাটোৰ পিছত তেওঁক ততাতৈয়াকৈ লৈ যোৱা হয় স্থানীয় ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়লৈ। তাতে তেওঁক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি অক্সিজেনৰ সহায়ত এম্বুলেঞ্চেৰে তেজপুৰৰ টাইমছ হাস্পতাললৈ নিয়া হয় যদিও টাইমছ হাস্পতালৰ কৰ্তৃপক্ষই তেওঁৰ স্বাস্থ্যৰ গুৰুতৰ অৱস্থাৰ প্ৰতি লক্ষ্য কৰি তেওঁক বাহিৰে বাহিৰে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

সেই অনুসৰি-তেওঁক গুৱাহাটীলৈ নি থকা অৱস্থাত নগাঁৱৰ সমীপত তেওঁৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক হৈ পৰাত পৰিয়ালৰ লোকে নিশা প্ৰায় ১১-৩০ বজাত নগাঁৱৰ "চিমছ" নাৰ্ছিং হোমত ভৰ্তি কৰে চন্দন ভূঞাক।বৰ্তমান উক্ত নাৰ্ছিং হোমৰ আই চি ইউত জীৱন মৃত্যুৰে যুঁজি থকা প্ৰধান শিক্ষক চন্দন ভূঞাৰ আশু আৰোগ্য কামনা কৰিছে তেওঁৰ গুণমুগ্ধ আৰু শুভাকাংক্ষীসকলে।

দুৰ্ঘটনা সংঘটিত কৰা ই-ৰিক্সাখন ইতিমধ্যে জব্দ কৰিছে গহপুৰ আৰক্ষীয়ে।উক্ত ই-ৰিক্সা চালক জনৰ ড্ৰাইভিং লাইচেঞ্চ আছে নে নাই কিম্বা ই-ৰিক্সাখনৰ প্ৰয়োজনীয় নথি পত্ৰ আছে নে নাই সেই দিশবোৰ পৰীক্ষা কৰি ইয়াৰ বিৰুদ্ধে এক আইনী ব্যৱস্থা ল'বলৈ গহপুৰ আৰক্ষীৰ ওচৰত কঠোৰ দাবী জনাইছে স্থানীয় ৰাইজে।

তদুপৰি ড্ৰাইভিং লাইচেঞ্চ আৰু অনুজ্ঞাপত্ৰ বিহীন ই-ৰিক্সাসমূহৰ বিৰুদ্ধে এক জোৰদাৰ অভিযান চলাবলৈ গহপুৰ আৰক্ষীৰ ওচৰত কঠোৰ দাবী জনাইছে স্থানীয় ৰাইজে।ইয়াৰ অন্যথা আৰু নিৰীহ লোকৰ জীৱনলৈ যে কাল অমানিশা নামি আহিব সেয়া নিশ্চিত বুলি মন্তব্য কৰিছে সচেতন ৰাইজে।