অসম-মেঘালয় সীমান্তত ভয়ংকৰ দুৰ্ঘটনা... 
অসম

অসম-মেঘালয় সীমান্তত ভয়ংকৰ দুৰ্ঘটনা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসম-মেঘালয় সীমান্তৰ কোনাৰচৰৰ জেলদুপাৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী আলট্ৰা বাছ আৰু এখন বলেৰ' পিক আপ ভানৰ সংঘৰ্ষত ফলত সংঘটিত এই দুৰ্ঘটনাত কেইবাজনো যাত্ৰী আহত বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণ অনুসৰি দুৰ্ঘটনাগ্ৰস্ত আল্ট্ৰা বাছখন আৰু বলেৰ' পিক আপ ভানখন একে দিশৰে গৈ আছিল। তাৰ মাজতে বলেৰ' পিক আপ ভানখনত আল্ট্ৰা বাছখনে প্ৰচণ্ড জোৰে খুন্দা মাৰে।

ফলত পথৰ সমীপৰ দ খাৱৈত বাগৰি পৰে বলেৰ' বাহনখন। ইফালে বলেৰ'খনক খুন্দিয়াই আল্ট্ৰা বাছখনে পথৰ কাষৰ এখন ঘৰৰ দেৱালত খুন্দা মাৰেগৈ।

এই দুৰ্ঘটনাত বাছৰ যাত্ৰীসকল কোনো মতে ৰক্ষা পৰিছে যদিও বাছত থকা দুজন যাত্ৰী গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। আহত যাত্ৰী দুজনক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।

ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে বাছ চালকজনে বাছ এৰি সেই স্থানৰ পৰা পলায়ন কৰে। হাটশিঙিমাৰীৰ পৰা গোৱলপাৰা অভিমুখী এই বাছখনৰ নম্বৰ এ এছ ১৭ বি ৭৬১২।