অসম

কোকৰাঝাৰত পথ দুৰ্ঘটনা

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ সমীপত সোমবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ ফলত ৪গৰাকী লোক আহত হয়। আহতসকলৰ ভিতৰত ২ গৰাকী আৰক্ষী।

জানিব পৰা মতে আহত লোকসকল হ'ল ক্ৰমে কল্পনা নাৰ্জাৰী(৩৮), মায়া নাথ(৩৭) , গৌমছাৰ বসুমতাৰী(২০) আৰু উত্তৰা মুছাহাৰী (২৩)। ইয়াৰে কল্পনা নাৰ্জাৰী আৰু মায়া নাথ আৰক্ষী কনিষ্টবল।

কোকৰাঝাৰ উপ আৰক্ষী অধীক্ষক দেৱজিৎ মহন্ত আৰু ট্ৰেফিক ইনচাৰ্জ তথা উপ পৰিদৰ্শক জিতুমনি কলিতাই সদৰি কৰা মতে এখন চুইফ্ট ডিজায়াৰ গাড়ীয়ে পিছফালৰ পৰা এখন স্কুটী আৰু বুলেটক খুন্দিয়ায় । দুৰ্ঘটনাৰ ফলত দুগৰাকী আৰক্ষীৰ লোককে ধৰি ৪জন লোক আহত হয়।

আনহাতে আহতসকলক পৰিয়ালৰ লোকে স্থানীয় নাৰ্ছিংহোম এখনত ভৰ্তি কৰোৱাই। দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে অধিক গতি বেগেৰে চালকে পলায়নৰ চেষ্টা কৰিছিল যদিও স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে গাড়ীসহ চালকক আটক কৰিবলৈ সক্ষম হয় । চালকগৰাকীৰ বিৰুদ্ধে মদ্যপান কৰি গাড়ী চলোৱাৰ অভিযোগ একাংশ স্থানীয় লোকৰ ।