অসম

ৰঙাগড়াত পথ দুৰ্ঘটনা : নিয়ন্ত্রণ হেৰুৱাই ডিভাইদাৰত খুন্দা স্কৰপিঅ’ বাহনৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : শনিবাৰে চামগুৰিৰ ৰঙাগড়াত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্রণ হেৰুৱাই এখন স্কৰপিঅ’ বাহনে পথ বিভাজকত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

আনহাতে বাহনখনে পথ বিভাজকত খুন্দা মাৰিয়েই এগৰাকী পথচাৰীক মহটিয়াই নিয়া বুলি জানিব পৰা গৈছে। ফলত থিতাতে নিহয় হয় পথচাৰীজন।

সম্প্ৰতি নিহত লোকজনৰ পৰিচয় সন্দৰ্ভত জানিব পৰা হোৱা নাই। দুৰ্ঘটনাৰ পাছতে থানাত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা জানিব পৰা গৈছে।