অসম

বেকাজানত বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন উদযাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ, বেকাজানঃ বৰহোলা অসম-নাগালেণ্ড সীমান্তৰ বেকাজানত বীৰ লাচিত সেনা অসমৰ বেকাজান শাখা সমিতিৰ উদ্যোগত দেওবাৰে দিনজোৰা বর্ণাঢ্য কার্যসূচীৰে একাদশ বার্ষিক ৰঙালী বিহু সম্মিলন উদযাপন কৰা হয়। বেকাজান ৰাজহুৱা প্রেক্ষাগৃহত অনুষ্ঠিত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলত কেইবাটাও আমন্ত্রিত বিহু দল হুঁচৰি আৰু জেং বিহু প্রদর্শন কৰি অঞ্চলটোৰ অগণন লোকক আপ্লুত কৰে।

এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি মহেন্দ্র চুতীয়াই। আনহাতে বিহুৱান আৰু সংগঠনটোৰ পতাকা উত্তোলন, স্মৃতি তর্পণ কৰে ক্ৰমে বীৰ লাচিত সেনাৰ বেকাজান শাখাৰ সম্পাদক দীপাংকৰ দত্ত আৰু ৰাজীৱ গগৈয়ে। দুপৰীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা, চিত্রাংকন আদি শৈক্ষিক প্ৰতিযোগিতা উদ্বোধন কৰে কাৰ্যকৰী সভাপতি মন্টুচ্ কোঁৱৰে।

দুপৰীয়া বৃহত্তৰ বেকাজান অঞ্চলৰ জ্যেষ্ঠ ব্যক্তিসকলক সেৱা কাৰ্যসূচীৰ পিছতে প্রয়াত প্রিয়ৰাম গগৈ সোঁৱৰণী মঞ্চ উদ্বোধন কৰে তেওঁৰ সহধৰ্মিনী বুলু গগৈয়ে। আবেলি বিভিন্ন প্ৰান্তৰ পৰা অহা দলে বিহু প্রদর্শন কৰে। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন, সম্বর্ধনা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

অনুষ্ঠানত বীৰ লাচিত সেনা অসমৰ তিতাবৰ সমষ্টিৰ আঞ্চলিক সমিতিৰ সভাপতি ছানী ৰাজখোৱা, মুখ্য সচিব মানসজ্যোতি বৰা, বৰহোলা সাংবাদিক সন্থাৰ সম্পাদক অজয় শইকীয়া, সভাপতি মন্টুছ কোঁৱৰ, বীৰ লাচিত সেনাৰ তিতাবৰ নগৰ সমিতিৰ সচিব দেৱাশিস ঠেঙাল, সমাজকর্মী ক্ৰমে শিশিৰ কুমাৰ দাস, কমলজ্যোতি চেতিয়া, পুতলী চেতিয়া, নিৰু কলিতা গগৈ, দেৱজিত গগৈ, মুনমী লালিম আৰু কল্পনা চুতীয়া আদি উপস্থিত থাকে।

সাংস্কৃতিক কর্মী চত্রজিৎ যাদৱে আঁত ধৰা অনুষ্ঠানত আটাইকেইগৰাকী অতিথিক উদযাপন সমিতিৰ তৰফৰ পৰা গামোচা, স্মাৰক আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। নিশা স্থানীয় কেইবাগৰাকী শিল্পীৰ সাংস্কৃতিক অনুষ্ঠানৰ পিছতে কণ্ঠশিল্পী ৰাতুল নাথৰ সংগীতানুষ্ঠান অনুষ্ঠিত হয়।