অসম

ৰুদ্ৰসাগৰত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত যুৱনেতা জগত হাজৰিকাক 'সমাজ সাৰথি' বঁটা প্ৰদান...

Asomiya Pratidin

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ বৃহত্তৰ ৰূদ্ৰসাগৰ ৰঙালী বিহু আয়োজক সমিতি আৰু ৰূদ্ৰসাগৰবাসী ৰাইজৰ সহযোগত ঐতিহাসিক আঠাইসাগৰ পুখুৰীৰ পাৰত অৱস্থিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা ৰঙ্গমঞ্চত বৰ্ণাঢ্য কাৰ্যসূচীৰে দুদিনীয়াকৈ অনুষ্ঠিত কৰা ৰঙালী বিহু সন্মিলন সফলভাৱে সামৰণি পৰে। প্ৰথম দিনা পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি বিজয়ৰবি কাশ্যপে। পুৰোধা ব্যক্তি ঋষেশ্বৰ বৰুৱা সোঁৱৰণী সাংস্কৃতিক মঞ্চ আৰু প্ৰতিযোগিতা উদ্বোধন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা সমাজকৰ্মী ভোলা কাকতিয়ে।

দিনৰ ভাগত অনুষ্ঠিত বিহু নাচ, জেং বিহু, কণী যুঁজ, হুঁচৰি প্ৰতিযোগিতাৰ অন্তত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হয়। প্ৰথম নিশাৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে সৰ্বভাৰতীয় অনুসূচিত জাতি -জনজাতি কৰ্মচাৰী কল্যাণ সন্থা,অএনজিচি ৰ অধ্যক্ষ ডেম্বিৰাম পাংগিঙে। দ্বিতীয় দিনা দুপৰীয়া আমন্ত্ৰিত হুঁচৰি দলৰ দ্বাৰা বিহু প্ৰদৰ্শন, জেং বিহু, বৰ বিহুৱতী আদি প্ৰদৰ্শন কৰা হয়। আবেলিলৈ বঁটা বিতৰণ অনুষ্ঠান আৰু মুকলি সভা সম্পন্ন হয়।

সভাত সভাপতিত্ব কৰে বিশিষ্ট যুৱনেতা, সাংস্কৃতিক কৰ্মী তথা অ’এনজিচিৰ সৰ্বভাৰতীয় অনুসূচিত জাতি -জনজাতি কৰ্মচাৰী কল্যাণ সন্থাৰ সম্পাদক জগত হাজৰিকাই। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীয়ে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অ’এনজিচিৰ বিষয়া ক্ৰমে ৰাজীৱ দেউৰী, অশোক কুমাৰ, গহীন বসুমতাৰী,চন্দন দাস, বসন্ত দাস , বিশিষ্ট কবি নিবন্ধকাৰ ব্ৰজেন দাস, সাংস্কৃতিক কৰ্মী ভোলা কাকতি, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলাৰ সভাপতি বিদ্যুৎ দাস, পৰেশ দাস, তপন দাস, উপেন দাস, গুনকান্ত হাজৰিকা, দেৱাশিষ দাস, অনিল দাস ,পৰাগ দাস, শৰৎ হাজৰিকা, মৃদুপৱন বৰুৱা, বিশিষ্ট চিকিৎসক ডিব্ৰুগড় নিবাসী বৰ্ণালী বৰুৱাকে আদিকৰি ভালেসংখ্যক ব্যক্তিয়ে।

উদ্যোক্তাসকলে সকলোকে একোখন চেলেং আৰু বিহুৱানেৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত আৰ্তজনক সদায় সহায়ৰ হাত আগবঢ়ায় অহা, বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাৱে জৰিত, ৰূদ্ৰসাগৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক, ৰূদ্ৰসাগৰ শ্মশান উন্নয়নৰ সমিতিৰ প্ৰতিস্থাপক সম্পাদক,সুৰুজমুখী ক'লা-কৃষ্টি কেন্দ্ৰৰ সম্পাদক, কৈৱৰ্ত বঁটা, কনকলতা বঁটা, বিজু ফুকন ৰিকগনেছন বঁটা,ক'ৰুণা যুদ্ধা বঁটা প্ৰাপক, কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভা অসম - ৰ উপ-সভাপতি তথা সৰ্বভাৰতীয় অনুসূচিত জাতি -জনজাতি কৰ্মচাৰী কল্যাণ সন্থা, অ’এনজিচিৰ অসম সম্পদৰ সম্পাদক জগত হাজৰিকাক বৃহত্তৰ ৰূদ্ৰসাগৰবাসী ৰাইজে উক্ত অনুষ্ঠানতে " সমাজ সাৰথি" বঁটা প্ৰদান কৰে। তেওঁক এই সন্মান দিয়াৰ বাবে শিৱসাগৰৰ বহুজনে শলাগ লৈছে।