অসম

ব্যৱসায়ী তথা প্ৰাক্তন আলফা নেতা শৈলেন্দ্ৰ কোঁৱৰ দত্তৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়ী তথা অসমীয়া খবৰৰ পৰিচালন সঞ্চালক শৈলেন কোঁৱৰ দত্তৰ শেষ নিশ্বাস ত্যগ। দীৰ্ঘদিনীয়া অসুস্থতাৰে যুঁজি থকাৰ পাছত দত্তই শনিবাৰে সন্ধিয়া নতুন দিল্লীৰ গংগাৰাম হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৬ বছৰ।

পত্নী আফছানা বেগম, দুই পুত্ৰ ইৰিক জেভিয়াৰ, জিদান জেভিয়াৰৰ লগতে বহু আত্মীয়-স্বজন তথা শুভাকাংক্ষীক তেওঁ মৃত্যুৰ সময়ত এৰি থৈ যায়। উল্লেখযোগ্য যে ১৯৬৭ চনৰ ১ এপ্ৰিলত নলবাৰীৰ গুৱাকুছিত জন্ম হৈছিল শৈলেন্দ্র কোঁৱৰ দত্তৰ।

তেওঁৰ পিতৃ আছিল প্রয়াত সুৰেন্দ্ৰ নাথ দত্ত আৰু মাতৃ দ্রৌপদী দত্ত। তেজপুৰৰ ৰঙাপৰা প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱনৰ পাতনি মেলি পৰৱৰ্তী সময়ত শৈলেন্দ্র কোঁৱৰ দত্তই গুৱাহাটীৰ ডনবস্ক' স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈছিল। বি বৰুৱা মহাবিদ্যালয়ৰ পৰা তেওঁ স্নাতক ডিগ্রী গ্রহণ কৰিছিল।

১৯৮৬ চনত তেওঁ আলফাত যোগ দিছিল। সংগঠনটোৰ কেন্দ্রীয় সমিতিৰ সদস্যৰ লগতে কামৰূপ জিলা সমিতিৰ সম্পাদকৰ দায়িত্বতো তেওঁ আছিল। ছবছৰীয়া সংগ্রামী জীৱনৰ অন্ত পেলাই ১৯৯২ চনত তেওঁ আত্মসমর্পণ কৰিছিল।

তাৰ পিচত দত্তই বিভিন্নধৰণৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰিছিল। 'অসমীয়া খবৰ' কাকত প্রতিষ্ঠা কালৰে পৰা তেওঁ পৰিচালন সঞ্চালকৰ দায়িত্বত আছিল।