অসম

সুলভ মূল্যৰ চাউল কুক্ষীগত কৰা সমবায় এজেন্টৰ গ্ৰাহকক আক্ৰমণ

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ এটা চাউলৰ নামত যদি অনিয়ম হয় তেন্তে অতি কঠোৰ হ'ব ৰাজ্য চৰকাৰ আৰু প্ৰশাসন । ৰাজ্যৰ খোদ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই সকীয়নীলৈ বৃদ্ধাঙ্গুষ্ঠ দেখুৱাইছে ঢকুৱাখনা মহকুমাৰ এজন দাম্ভিক সমবায় এজেন্টে ।

ঢকুৱাখনা মহকুমা খাদ্য আৰু অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ দক্ষিণ গোঁহাই সমবায় সমিতিৰ অন্তৰ্গত অয়েংঙিযা বৰগাঁওৰ সুলভ মূল্য এজেন্ট নিৰোজ টাৱে মুখ্যমন্ত্ৰী গৰাকীৰ সকীয়নিলৈ কৰ্ণপাত নকৰি হিতাধিকাৰীৰ বিপৰীতে আৱন্টিত চাউল কৰ্তন কৰি বহুদিন ধৰি লুণ্ঠন চলাই অহাৰ গুৰুতৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে । মঙলবাৰে এনে এজন হিতাধিকাৰীৰ মুখৰ ভাত কাঢ়ি খোৱা অনৈতিক কাৰ্যৰ সন্দৰ্ভত গ্ৰাহকৰ আত্মীয়ই এজেন্ট গৰাকীক প্ৰশ্ন কৰাত নিজৰ লুণ্ঠনকাৰী চৰিত্ৰ পোহৰলৈ অহাৰ ভয়ত ত্ৰস্তমান হৈ গ্ৰাহকৰ আত্মীয়ক শাৰীৰিক ভাবে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে গাঁওখনৰ অজয় পায়েং নামৰ যুৱকজনে নিজৰ নিৰক্ষৰ পিতৃ মাৰ্কাম পায়েঙৰ নামত আবন্টিত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ প্ৰতিমাহে ১০ কিলোগ্ৰামকৈ কৰ্তন কৰি কমকৈ যোগান ধৰা আৰু কৰ্তন কৰি ৰখাৰ কাৰণ সন্দৰ্ভত এজেন্ট নিৰোজ টাৱক মঙলবাৰে বিয়লি প্ৰশ্ন কৰে । কিন্তু এজেন্টজনে নিজৰ দুৰ্নীতিগ্ৰস্ততা গাপ দিবলৈ এই প্ৰশ্নৰ উত্তৰ নিদি যুৱকজনক নানা গালি গালাজ পাৰি ৰাইজৰ সন্মুখতে গাত ধৰিটানি নি প্ৰাণে মৰাৰ লক্ষ্যৰে এটা বটলেৰে আক্ৰমণ কৰে।

সৌভাগ্য ক্ৰমে যুৱকজনৰ গাত নালাগি অন্য এগৰাকী ব্যক্তি ডেনি মৰাঙৰ গাত লাগি ব্যক্তিগৰাকী আহত হয় । যুৱকজনে সংবাদ মাধ্যমৰ আগত কৰা অভিযোগ মতে গাঁওখনৰ নতুন পৰিয়ালৰ নামত ৰেচন কাৰ্ড বনোৱাৰ নামত আৰু হিতাধিকাৰী সকলৰ নামত আবন্তিত চাউল দীৰ্ঘদিন ধৰি দুৰ্নীতি সংঘটিত কৰি আহিছে। দৰিদ্ৰ নিৰক্ষৰ হিতাধিকাৰী সকলৰ নামত আবন্তিত চৰকাৰী আঁচনিৰ চাউল উদৰস্থ কৰি আহিছে ।

গাঁওখনৰ সমবায় এজেণ্টজনৰ এনে দুৰ্নীতি আৰু অনিয়ম সন্দৰ্ভত হিতাধিকাৰীয়ে কৰা প্ৰশ্নৰ সুদত্তৰ নিদি শাৰীৰিক আক্ৰমণ কৰা অবিবেচকী কাৰ্যকলৈ সন্ধিয়া এজেন্টজনৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সম্মুখত একাংশ ক্ষুব্ধ ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ৰাইজৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ হয় যদিও গ্ৰাহকৰ প্ৰাপ্য চাউলৰ বিপৰীতে লুণ্ঠনৰাজ চলোৱা বুলি উথাপিত অভিযোগৰ ৰাজহুৱা প্ৰতিক্ৰিয়া অদ্যপি অব্যাহত আছে ।

ভুক্তভোগী গ্ৰাহক ৰাইজে এই সন্দৰ্ভত মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ জৰিয়তে নিৰপেক্ষ তদন্ত কৰাৰ দাবী কৰি এই সন্দৰ্ভত মহকুমা প্ৰশাসনৰ জৰুৰী হস্তক্ষেপ কামনা কৰিছে । এই দুৰ্নীতি সন্দৰ্ভত অভিযুক্ত নিৰোজ টাৱে অস্বীকাৰ কৰি ঘিলামৰা আৰক্ষীক গোচৰ ৰুজু কৰা বুলি জনাইছে। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ নামত সংঘটিত এই অমিয়ম সন্দৰ্ভত বিভাগৰ লগতে আৰক্ষীৰ নিৰপেক্ষ তদন্তইহে উত্থাপিত অভিযোগৰ প্ৰকৃত সত্য তথ্য পোহৰলৈ আনিব ।