অসম

চামগুৰিত অঙ্গনৱাড়ী কৰ্মী-সহায়িকাৰ ক্ষোভ

Asomiya Pratidin

ডিজিটেল সংবাদ, চামগুৰিঃ অঙ্গনৱাড়ী কৰ্মী-সহায়িকাৰ মাজত পুনৰ ক্ষোভৰ উদ্গীৰণ। চামগুৰিস্থিত বাজিয়াগাঁও সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত শতাধিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকাই চৰকাৰৰ বিৰুদ্ধে প্ৰদৰ্শন কৰিলে বিক্ষোভ। কৰ্মী-সহায়িকা সকলৰ দীৰ্ঘদিনীয়া দাবীসমূহৰ প্ৰতি চৰকাৰ তথা সংশ্লিষ্ট সমাজ কল্যাণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে অনিহা কৰাৰ অভিযোগ।

শেহতীয়াকৈ তেওঁলোকৰ দাবীসমূহ বাজেটটো অন্তৰ্ভুক্ত নোহোৱাক কেন্দ্ৰ কৰি মন্ত্ৰী অজন্তা প্ৰৱেশ কৰা বিৰুদ্ধেও চৰম অসন্তুষ্টি প্ৰকাশ কৰে প্ৰতিবাদীকাৰী কৰ্মী-সহায়িকা সকলে।

উল্লেখ্য যে, কৰ্মী-সহায়িকাৰ মাননি বৃদ্ধি কৰা, ২০ অক্টোবৰৰ ভিতৰত অৱসৰপ্ৰাপ্ত কৰ্মী-সহায়িকা তথা মিনি কৰ্মীক এককালীন সাহাৰ্য্য প্ৰদান কৰাৰ লগতে অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সকলক নিয়মীয়া চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি প্ৰদান কৰাৰ ইত্যাদি দাবীৰে চামগুৰিত উত্তাল পৰিবেশৰ সৃষ্টি কৰে প্ৰতিবাদী মহিলাসকলে। তেওঁলোকৰ এই দাবী সমূহৰ সন্দৰ্ভত চৰকাৰ তথা সংশ্লিষ্ট বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত গুৱাহাটীত সদলবলে ৰাজ্যৰ সকলো অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সমবেত হৈ চৰকাৰৰ বিৰুদ্ধে বিশাল আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিলে অঙ্গনৱাড়ী কৰ্মী-সহায়িকাসকলে।