অসম

নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চানডে স্কুলৰ বস্ত্ৰ উৎপাদন মুকলি

Asomiya Pratidin

ডিজিটেল সংবাদ,নুমলীগড় : নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ভিন্ন সময়ত ছাত্ৰ - ছাত্ৰীৰ লগতে নিবনুৱা স্ৱাৱলম্ৱী হোৱাৰ ক্ষেত্ৰত অনেক কৰ্ম আঁচনী গ্ৰহণ কৰি আহিছে। প্ৰতি দেওবাৰে ব্যতিক্ৰম পৰিৱেশৰ মাজতে চলি থকা জ্ঞান অন্বেষণ কেন্দ্ৰৰ চানডে স্কুলত নিটিং,কাটিং,ট্ৰেলাৰিঙৰ সফলতা হিচাপে প্ৰশিক্ষাৰ্থীসকলে দেওবাৰে নিজা বস্ত্ৰ উৎপাদন মুকলি কৰে।

তেঁওলোকে ইয়াৰ জৰিয়তে নিজৰ প্ৰয়োজনীয় কাপোৰ নিজে কাটি চিলাব পৰা হ'ল। আজি বিশেষভাৱে উপস্থিত থাকে কমাৰগাঁও বালিকা হাইস্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক যতিন কাকতী ,নুমলীগড়ৰ সমাজকৰ্মী গোমন তাঁতী,বিবেক ৰাজোৱাৰ,তুলসী গগৈ,অনুপ তামূলী,পূৰ্ণিমা ৰাজবংশী আদি।

আজি এই কেন্দ্ৰৰ বিষয়ে অৱগত কৰি অধ্যক্ষ মহেন শইকীয়াই কয় যে কাপোৰ চিলাইৰ বাবে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা চিলাই মেচিন যোগান ধৰা হৈছে। এই জ্ঞান অন্বেষণ কেন্দ্ৰ চানডে স্কুলৰ দ্বাৰা আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়াকৈ কাটিং- নিটিং,এমব্ৰইডাৰি শিকিব পাৰিব।বতৰ অনুযায়ী স্থানীয়ভাৱে উপলব্ধ সামগ্ৰীৰ বিভিন্ন প্ৰকাৰৰ আচাৰ তৈয়াৰ কৰাৰ প্ৰশিক্ষণ দিয়াৰ লগতে আৰ্থিক অনাটনৰ বাবে আধাতে শিক্ষা সামৰা ছাত্ৰসকলক জীৱিকা অৰ্জনৰ বাবে অভিজ্ঞ ইলেকট্ৰিচিয়ানৰ দ্বাৰা প্ৰশিক্ষণৰ দিয়া হ'ব।

প্ৰশিক্ষণত আচাৰ বনোৱা,জাম- জেলি বনোৱা,পাপড় বনোৱা আৰু অতি কম খৰচত মাটিৰ সামগ্ৰী,মমবাতি,মমৰ পৰা বিভিন্ন সামগ্ৰী কেনেকৈ বনাব পাৰি সেই বিষয়ে বিতংকৈ বৰ্ণনা দাঙি ধৰে। প্ৰশিক্ষণে বৃত্তিহীন সকলৰ বাবে বৃত্তিমূখী কৌশলৰ বিকাশ, বিভিন্ন প্ৰতিভা বিকাশ, জীৱন কৌশল বিকাশ স্বাস্থ্য সন্মত জীৱন যাপনৰ কৌশল প্ৰদান কৰাৰ লগতে নিৰক্ষৰ সকলক স্বাক্ষৰিত কৰিতোলাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। প্ৰতি দেওবাৰৰ লগতে বন্ধৰ দিনত এই কেন্দ্ৰ চলি থাকিব তেঁও কয়।