শংকৰদেৱ শিশু নিকেতন, বিশ্বনাথৰ তোৰণ নিৰ্মাণৰ শুভাৰম্ভণ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ.. 
অসম

শংকৰদেৱ শিশু নিকেতন, বিশ্বনাথৰ তোৰণ নিৰ্মাণৰ শুভাৰম্ভণ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ..

Asomiya Pratidin

ডিজিটেল সংবাদ বিহালী: বিশ্বনাথ চাৰিআলিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে বিশ্বনাথ চাৰিআলিস্থিত শৈক্ষিক প্ৰতিষ্ঠান শংকৰদেৱ শিশু নিকেটনত শুকুৰবাৰে এখন তোৰণৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে। বিদ্যাভাৰতী, অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত এই শিক্ষানুষ্ঠানখনলৈ বিধায়ক বৰঠাকুৰে তেওঁৰ প্ৰয়াত মাতৃৰ সোঁৱৰণত আগবঢ়াইছে এই তোৰণখন।

এই উপলক্ষে পুৱা প্ৰায় ৯-৩০ বজাত শিশু নিকেতনত প্ৰাংগনত এখন সভা অনুষ্ঠিত হয়। নিকেতনৰ প্ৰধান আচাৰ্য প্ৰফুল্ল ভৰালীয়ে আঁতধৰা অনুষ্ঠানটোত বক্তব্য প্ৰদান কৰে বিধায়ক প্ৰমোদ বৰঠাকুৰ, নিকেতন পৰিচালনা সমিতিৰ সভাপতি অতুল শৰ্মা, সম্পাদক মনীষ কলিতাই। ইয়াৰ পিছতেই আয়তীৰ উৰুলী আৰু ব্ৰাহ্মণৰ মন্ত্ৰ পাঠেৰে তোৰণ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে বিধায়কগৰাকীয়ে।