অসম

চিচিবৰ গাঁৱত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিলাপথাৰঃ মঙলবাৰে বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড: অমিয় কুমাৰ ভূঞাৰ পিতৃ পূৰ্ণকান্ত ভূঞাৰ আদ্য শ্ৰাদ্ধত ভাগ ল'বলৈ চিচিবৰ গাঁওলৈ আহিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কেইবাজনো শীৰ্ষ দলীয় নেতা- সমৰ্থক আৰু চৰকাৰী বাহিনী লৈ চিচিবৰ গাঁওত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

সোনোৱালে উন্মোচন কৰিলে প্ৰয়াত পূৰ্ণকান্ত ভূঞাৰ স্মৃতিত সম্পাদনা কৰা স্মৃতিগ্ৰন্থ 'স্মৃতিগুঞ্জণ' নামৰ স্মৃতি গ্ৰন্থ। আদ্যশ্ৰাদ্ধৰ উপলক্ষত চিচি বৰগাঁও মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা সাংবাদিক নয়নমনি মহন্তৰ সম্পাদনাত প্ৰকাশিত গ্ৰন্থখন উন্মোচন কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে প্ৰয়াত বিশিষ্ট সমাজ কৰ্মী গৰাকীৰ পবিত্ৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।

বিধায়ক ড: অমিয় কুমাৰ ভূঞাৰ পিতৃ তথা বিশিষ্ট সমাজ ঋকৰ্মী পূৰ্ণকান্ত ভূঞাৰ আদ্যশ্ৰাদ্ধ বাবে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰীজনক সাক্ষতৰ বাবে সমবেত হল‌ অজস্ৰ লোক।