অসম

বিহালীত ধোঁৱাচাঙত মোডী সৱকা চাথ, সৱকা বিকাশ, সৱকা বিস্বাস

Asomiya Pratidin

ডিজিটেল সংবাদ, বিহালীঃ আজি ৰাম জন্মভূমি অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ সন্ধিক্ষণত বিহালীত ধোঁৱা চাঙত উঠিল প্ৰধানমন্ত্ৰী মোডীৰ সৱকা চাথ সৱকা বিকাশ সৱকা বিস্বাস শ্ল'গান ৷

দেশৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে ভাৰত জৌড়া ন্যায় যাত্ৰা কাৰ্যসূচীৰে বিশ্বনাথত প্ৰৱেশ কৰা দিনটোত অসমৰ চৰকাৰে সঞ্চয় গোটৰ মহিলাক আঁচনিৰ ১০ হাজাৰ টকীয়া ফৰ্ম বিতৰণৰ বাবে দিন নিৰ্দ্ধাৰণ কৰিছিল ৷ সেইমৰ্মে বিহালীৰ প্ৰতিটো গাওঁ পঞ্চায়তত সঞ্চয় গোটৰ মহিলাৰে ভৰি পৰিল ৷ থিক তেনেসময়তে কংগ্ৰেছ দলৰ সমৰ্থক হোৱাৰ বাবেই এগৰাকী মহিলাক নগদ ধন আঁচনিৰ ফৰ্ম নিদিয়াৰ অভিযোগ উঠিছে৷

বিহালী বিধান সভা সমষ্টিৰ নিজ বিহালী গাওঁ পঞ্চায়ত এলেকাৰ এগৰাকী সঞ্চয় গোটৰ মহিলাই ফৰ্ম লাভ নকৰাত বিজেপি চৰকাৰখনৰ প্ৰতি বিষেদগাৰ প্ৰকাশ কৰা দেখা গৈছে ৷ মহিলা গৰাকীয়ে কংগ্ৰেছী হোৱাৰ বাবেই সৱকা চাথ সৱকা বিকাশ সৱকা বিস্বাস শ্ল'গান আওৰাই অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিজেপি চৰকাৰখনে প্ৰধানমন্ত্ৰী আৱাস গৃহ , অৰুণোদয় আদি চৰকাৰী আঁচনিৰো সুবিধা লাভ নকৰাৰ অভিযোগ তুলিছে৷