অসম

আজি শাওনৰ প্ৰথম সোমবাৰ, এই বিশেষ বস্তু শিৱক অৰ্পন কৰিলে শীঘ্ৰেই পোৱা যায় শুভ ফলাফল…

asomiyapratidin

ডিজিটেল ডেস্ক: আজি শাওন মাহৰ প্ৰথমতো সোমবাৰ। এই শাওন মাহ শিৱক আৰাধনা কৰাৰ উত্তম মাহ বুলি ধৰা হয়। শাওন মাহত জলাভিষেক কৰিলে সোনকালে সকলো সমস্যাৰ সমাধান পাই বুলি ধৰা হয়। অৱশ্যে অন্য দিনতো শিৱক আৰধনা কৰা হয় যদিও এই মাহতো অত্যন্ত শুভ বুলি ধৰা হয়।

এই মাহটোত শিৱলিংগত গংগাজল, বেলপাত, ধতুৰা, ভাং, কপুৰ, গাখীৰ, চাউল, চন্দন, ভষ্ম আদি অৰ্পিত কৰা হয়। কিন্তু এবিধ এনে বস্তু আছে যি শিৱৰ অত্যন্ত প্ৰিয়।

এই বিশেষ বস্তু বিধ-ৰুদ্ৰাক্ষ। জ্যোতিষি সকলৰ মতে ভগৱান শিৱক ৰুদ্ৰাক্ষ অৰ্পন কৰিলে বহু শুভ ফল পোৱা যায়। শাস্ত্ৰত ভগৱান শংকৰৰ মহাপ্ৰসাদ ৰুদ্ৰাক্ষ বুলি কোৱা হয়। প্ৰৱাদ আছে যে ভগৱান শিৱৰ চকুপানীৰ পৰা সৃষ্টি হোৱা ৰুদ্ৰাক্ষ দুৰ্ভাগ্যক সৌভাগ্যলৈ পৰিণত কৰাৰ ক্ষমতা আছে।

বিভিন্ন বিধি বিধান মানি চলি এই ৰুদ্ৰাক্ষ পিন্ধিবও পাৰি।  শাওনাৰ মাহতোৰ সোমবাৰত আপুনি শিৱক ৰুদ্ৰাক্ষ অৰ্পন কৰিব পাৰে।শিৱলিংগত ৰুদ্ৰাক্ষ অৰ্পন কৰাৰ সময়ত যজুৰবেদৰ ৰুদ্ৰাষ্টাধ্যামী মন্ত্ৰ পাঠ কৰা হয় যাৰ বাবে শীঘ্ৰেই মনৰ কামনা সম্পূৰ্ণ হয় বুলি কোৱা হয়।