SCERT SCAM: ১৪৩৩ পৃষ্ঠাৰ চাৰ্জশ্বীটত শেৱালী দেৱীসহ মুঠ ২১ জনক দোষী সাব্যস্ত... 
অসম

SCERT SCAM: ১৪৩৩ পৃষ্ঠাৰ চাৰ্জশ্বীটত শেৱালী দেৱী শৰ্মাসহ মুঠ ২১ জনক দোষী সাব্যস্ত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্য কপাই যোৱা SCERT কেলেংকাৰী সন্দৰ্ভত বিশেষ আদালতত পূৰ্ণাংগ চাৰ্জশ্বীট দাখিল মুখ্যমন্ত্ৰী তদাৰকী কোষে। মুঠ ৮৭ দিনৰ অন্তত ১৪৩৩ পৃষ্ঠাৰ এই চাৰ্জশ্বীটত মুঠ ২১ জন অভিযুক্তক দোষী সাব্যস্ত কৰিছে।

দোষী সাব্যস্ত কৰা এই ২১ জন ব্যক্তিৰ ভিতৰত আছে আই এ এছ শেৱালী দেৱীসহ ৬ জন চৰকাৰী কৰ্মচাৰী, ৫ জন ঠিকাদাৰসহ ১০ জন লোকৰ নাম। এই ১০ জন লোকৰ ভিতৰত আছে সংবাদ কৰ্মী, আৰ টি আই কৰ্মীৰো নাম।

আনহাতে ৬ গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে বিভাগীয় তদন্তও ঘোষণা কৰা হৈছে। উল্লেখ্য যে, ১০৫ কোটিটকীয়া এই কেলেংকাৰী সেৱালী দেশী শৰ্মা এছ চি আই আৰ টিৰ সঞ্চালক হৈ থকাৰ সময়ত সংঘটিত হৈছিল। এই কেলেংকাৰীৰ নেতৃত্ব লৈছিল শেৱালী দেৱী শৰ্মাৰ লগতে তেওঁৰ ঠিকাদাৰ জোঁৱায়েকে।

কেলেংকাৰী পোহৰলৈ অহাৰ পিছতে চি এম ভিজিলেঞ্চৰ দলে শেৱালী দেৱী শৰ্মাক ৰাজস্থানৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল জোঁৱায়েকসহ আন দুজনকো। সমান্তৰালকৈ গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছিল শেৱালী দেৱী শৰ্মাৰ জীয়ৰীকো।

ইয়াৰ পাছতে শেৱালী দেৱী শৰ্মাক জেৰা কৰাৰ সময়তে পোহৰলৈ আহিছিল এই কেলেংকাৰীৰ সৈতে কিদৰে বিভিন্ন দল, সংগঠনৰ নেতা, সাংবাদিক আদি জড়িত আছিল। শেৱালী দেৱী শৰ্মাই দিয়া তথ্যৰ আধাৰতে চি এম ভিজিলেঞ্চে জেৰা কৰি গ্ৰেপ্তাৰ কৰিছিল সাংবাদিক পূজা মণি দাস, ভাস্কৰজ্যোতি হাজৰিকা, আৰ টি আই কৰ্মী ৰবিজিৎ গগৈ, অনুপ শইকীয়া আদিক।