অসম

সোণালী কৃষক উৎপাদক কোম্পানীৰ সুলভ মূল্যত পাচলি বিক্ৰী

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰঙিয়া : বান বিধ্বস্ত অসমত শাক-পাচলি নাটনিৰ সময়তে কামৰূপ জিলাৰ ৰঙিয়াৰ অন্তৰ্গত সোণালী কৃষক উৎপাদন কোম্পানীয়ে নিজ উৎপাদিত শাক-পাচলি গুৱাহাটীত বিক্ৰী কৰে। উলুবাৰীৰ সহকাৰী শ্ৰমায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কোম্পানীটোৱে দিয়া দোকানত বজাৰ মূল্যতকৈ কম দামত পাচলিসমূহ বিক্ৰী কৰা হয়।

কোম্পানীটোৰ কৰ্মকৰ্তাসকলে জানিবলৈ দিয়ে যে উলুবাৰী কৃষক ভৱনত এখন স্থায়ী দোকানৰ আৰম্ভ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে কৃষি বিভাগ আৰু এপাৰ্টৰ পৰা সোণালী কৃষক উৎপাদন কোম্পানীয়ে বিভিন্ন সময়ত সহায় সহযোগিতা লাভ কৰি আহিছে।

শস্য, শাক-পাচলিৰ বীজৰ পৰা আৰম্ভ কৰি বজাৰলৈ সামগ্ৰী কঢ়িয়াই অনা বাহনলৈকে প্ৰায় সকলো দিশতে কামৰূপ জিলা কৃষি বিভাগ আৰু এপাৰ্টে সহায় আগবঢ়াই তেওঁলোকক। উক্ত দোকানখনৰ জৰিয়তে তেঁওলোকৰ উৎপাদিত শাক-পাচলি বিক্ৰীৰ ক্ষেত্ৰটো কামৰূপ জিলা কৃষি বিভাগ মহকুমা কৃষি বিষয়া তথা এপাৰ্টৰ ন'বেল বিষয়া মানস প্ৰতীম মহন্ত আৰু কামৰূপৰ ব্যাণিজ্য সমন্বয়ত দিবাকৰ মহোদীয়ে সহায়ৰ হাত আগবঢ়ায়।