চিৰাঙৰ জ্যেষ্ঠ সাংবাদিক আবু বক্কৰ ছিদ্দিকক গোৱাত প্ৰদান কৰা হ'ল ভাৰতীয় সমাজ ৰত্ন বঁটা... 
অসম

চিৰাঙৰ জ্যেষ্ঠ সাংবাদিক আবু বক্কৰ ছিদ্দিকক গোৱাত প্ৰদান কৰা হ'ল ভাৰতীয় সমাজ ৰত্ন বঁটা...

Asomiya Pratidin

ডিজিটেল সংবাদ চিৰাং: চিৰাং জিলা সদৰ কাজলগাঁৱৰ জ্যেষ্ঠ সাংবাদিক তথা বড়োলেণ্ড সাংবাদিক সন্থাৰ সভাপতি আবু বক্কৰ ছিদ্দিকক সাংবাদিকতা আৰু সামাজিক অৱদানৰ বাবে গ্ল’বেল স্কোলাৰছ ফাউণ্ডেচনে 'ভাৰতীয় সমাজ ৰত্ন বঁটা'ৰে সন্মানিত কৰে । যোৱা নিশা গোৱাৰ হোটেল পাৰ্ক ৰেগিছত অনুষ্ঠিত 'ভাৰতীয় ৰত্ন বঁটা-২০২৩' প্ৰদান অনুষ্ঠানত বহু বিশিষ্ট অতিথিৰ উপস্থিতিত তেওঁক মুখ্য অতিথি পদ্মশ্ৰী মুকেশ বাত্ৰাই উক্ত বঁটা প্ৰদান কৰে।

অসমৰ বি টি আৰৰ অতি পিচপৰা অঞ্চলৰ পৰা ধাৰাবাহিকভাৱে কুৰি বছৰতকৈ অধিক সময় সংবাদ সেৱা আগবঢ়াই অহাৰ লগতে বিগত তিনিটা দশকত বিভিন্ন সময়ত সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষত সৰ্বহাৰা হৈ শ শ লোক আশ্ৰয় লোৱা শিবিৰত সাহায্য প্ৰদান আৰু সেৱা আগবঢ়োৱাৰ লগতে বিভিন্ন দিশত সামাজিক ক্ষেত্ৰত দিয়া অৱদানৰ বাবে ছিদ্দিকক এই ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়।

বঁটাত আছে মেডেলৰ লগতে মানপত্ৰ। উল্লেখযোগ্য যে গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ উপলক্ষে ভাৰতীয় ৰত্ন বঁটা প্ৰদান কৰা হয়। এঘাৰটা বিভাগত উৎকৃষ্ট কাম কৰা দেশৰ ভিন্ন প্ৰান্তৰ প্ৰতিভাৱান ব্যক্তি বা প্ৰতিষ্ঠানক গ্ল’বেল স্কোলাৰছ ফাউণ্ডেশ্যন নামৰ সংস্থাটোৱে বঁটাসমূহ প্ৰদান কৰে। আবু বক্কৰ ছিদ্দিক 'আমাৰ অসম' কাকতৰ কাজলগাঁৱৰ সংবাদিক।