অসম

'অসমক বলিষ্ঠ ৰাজ্য গঢ়াৰ বাবে প্ৰতিবাদকাৰীৰ সহযোগৰ প্ৰয়োজন'- শিবু মিশ্ৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, লামডিংঃ দেশজুৰি 'কা' বলৱৎ হোৱাৰ পিছতেই প্ৰতিবাদ মুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লামডিঙতো আছুৰ প্ৰতিবাদ সাব্যস্ত হৈছিল। লামডিঙৰ বিধায়ক শিবুমিশ্ৰ 'কা' সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে প্ৰতিবাদ কৰাৰ অধিকাৰ আমাৰ সকলোৰে আছে। প্ৰতিবাদকাৰীসকলৰ চিন্তাধাৰা আৰু আমাৰ দলৰ চিন্তাধাৰা এক নহয় ৷ কিন্তু দেশৰ আৰু আমাৰ অসমৰ গঠন কৰাৰ বাবে আইনগত ভাৱে এই সিদ্ধান্ত কৰা হৈছে। তেওঁ কয় যে আমাৰ চৰকাৰে পলিটিকেল মাইলেজ লোৱাৰ বাবে এই সিদ্ধান্ত লোৱা নাই। তেওঁ প্ৰতিবাদকাৰীসকলক অনুৰোধ কৰি কয় যে আমাৰ অসমক বলিষ্ঠ ৰাজ্য গঢ়া বাবে সকলো প্ৰতিবাদকৰীক সহযোগ কৰিবলৈ অনুৰোধ কৰে বিধায়ক শিবু মিশ্ৰই লামডিঙত আজি ৰেল বিভাগৰ এটি অনুষ্ঠানত উপস্থিত হৈ এই মন্তব্য কৰে ৷

মঙ্গলবাৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ' কনফ্ৰাৰেঞ্চৰ জড়িয়তে দেশৰ বিভিন্ন স্থানৰ লগতে লামডিং ৰে'ল ডিভিজনৰো ৪৬টা নতুন সুবিধা উপকৰণৰ প্ৰকল্পৰ শুভ উদ্বোধন কৰে।

এই উপলক্ষে আজি লামডিঙত ৰেল কোচ ৰেষ্ট্ৰুৰেন্টৰ বিশেষ আয়োজন কৰা হয়। এই অনুষ্ঠানত উপস্থিত আছিল লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, লামডিং ৰেল মণ্ডলিক প্ৰবন্ধক প্ৰেম ৰঞ্জন কুমাৰ আৰু লামডিংৰ বহু বিশিষ্ট ব্যক্তি। ভিডিঅ' কনফ্ৰাৰেঞ্চৰ জড়িয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লামডিং ৰে'ল ডিভিজনৰ ৩৬টা ৰেল ষ্টেচনৰ one station one product , ৫খন গুড় শেড, এখন গতি শক্তি মডেল কৰ্গ টাৰ্মিনেলক ধৰি লামডিং আৰু গুৱাহাটীৰ ৰে'ল কোচ ৰেষ্ট্ৰুৰেন্টৰ শুভ উদ্বোধন কৰে।