dangor kotha  
অসম

নগৰবেৰাত চাঞ্চল্যকৰ ঘটনা : মাছ কটা দাৰে প্ৰাণ ল'লে পত্নী-কন্যাৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : কামৰূপ গ্ৰাম্য জিলাৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত হৰিদোবা নামৰ গাঁৱত সংঘটিত দুটা নৃশংস হত্যাকাণ্ডই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় লোকৰ ভাষ্য অনুসৰি ভোজন মালো নামৰ ব্যক্তিগৰাকীয়ে পাৰিবাৰিক কন্দলৰ বাবে সোমবাৰে তেঁওৰ পত্নী আৰু কণমানি কন্যাক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।

স্বামী তথা পিতৃ ভোজন মালোৰ চোকা অস্ত্ৰৰ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মাতৃ-কন্যাই অৱশেষত অকাল মৃত্যুক আঁকোৱালি ল'ব লগা হয়। দুটাকৈ হত্যাকাণ্ডৰে জড়িত থকা অভিযুক্তগৰাকীৰ নাম হৈছে- ভজন মালো। পেছাত মৎস্য ব্যৱসায়ী ধৃত ভোজনে মাছ কটা দাৰে দুয়োটা হত্যাকাণ্ড সংঘটিত কৰা বুলি জানিব পৰা গৈছে।

উক্ত ঘটনা সংঘটিত কৰিয়েই কন্যা-পত্নীহন্তা ভোজন মালোৱে স্থানীয় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সমান্তৰালকৈ হত্যাকাণ্ডৰে জড়িত ধৃত ভোজন মালোক আটক কৰি সোধা-পোচা অৱ্যাহত ৰাখিছে।