অসম

গহপুৰ পৌৰসভাৰ শ্ৰমদান কাৰ্য্যসূচী

Asomiya Pratidin

ডিজিটেল সংবাদ,ছয়দুৱাৰ : প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে সমগ্র দেশবাসীকে এঘণ্টাৰ বাবে স্বচ্ছতাৰ উদ্দেশ্যে শ্রমদান কৰাৰ বাবে জনোৱা আহ্বানৰ প্রতি সঁহাৰি জনাই গহপুৰ পৌৰসভাই। গহপুৰ পৌৰসভাৰ উদ্যোগত দেওবাৰে ১ ঘণ্টা শ্রমদান কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়।

উক্ত কাৰ্য্যসূচীত গহপুৰ পৌৰ সভাৰ অন্তৰ্গত বৃহত্তৰ এলেকা সামৰি চাফাই কাৰ্য্য সম্পাদন কৰা হয়। ইয়াৰে ভিতৰত কনকলতা-মুকুন্দ কাকতি উদ্যানৰ সমীপৰ পৰা ঐতিহাসিক গহপুৰ আৰক্ষী থানাৰ সন্মুখলৈকে, ৪ নং ৱাৰ্ডৰ ব্যস্ততা পূৰ্ণ বজাৰ এলেকা, গহপুৰ নগৰৰ মাজমজিয়াৰ চাৰিলেন যুক্ত পথৰ কাষৰ উপ-পথসমূহ, ২ নং ৱাৰ্ডৰ ব্যৱসায়িক অঞ্চল আদিত চাফাই কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়।

উদ্যোক্তাই জনোৱা অনুসৰি এক বৃহৎ সংখ্যক লোকৰ স্বতঃস্ফুত অংশগ্ৰহণ আছিল আজিৰ উক্ত কাৰ্য্যসূচীৰ ইতিবাচক দিশ। গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমণি বৰা, গহপুৰ পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়া নমিতা বৰা,চেয়াৰমেন অতুল বৰা, ৱাৰ্ড কমিছনাৰ, কৰ্মচাৰী বৃন্দৰ লগতে শতাধিক নাগৰিক,সমাজ কৰ্মী,স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী, ব্যৱসায়ী, সাংবাদিক, গহপুৰ ফুটবল ক্লাৱ (Gohpur FC), এন চি চিৰ কেডাৰ, পৰ্যটন মন্ত্ৰালয়ৰ গহপুৰ শাখাৰ স্বেচ্ছাসেৱক সকলে যথেষ্ট উদ্যমেৰে প্ৰতিকূল বতৰকো নেওচি হাতত ঝাড়ু লৈ চাফাই কৰ্মত অংশগ্ৰহণ কৰে।

আজিৰ দিনটোৰ দৃষ্টান্ত গ্ৰহণ কৰি গহপুৰ নগৰখনক এইদৰেই নিতৌ পৰিস্কাৰ কৰি ৰাখিবলৈ সকলো সংকল্পবদ্ধ হয়।