অসম আৰক্ষীৰ ৬ গৰাকী বিষয়াৰ বিৰুদ্ধে CID ৰ তদন্তৰ নিৰ্দেশ...  
অসম

অসম আৰক্ষীৰ ৬ গৰাকী বিষয়াৰ বিৰুদ্ধে CID ৰ তদন্তৰ নিৰ্দেশ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এছ আই জোনমণি ৰাভাৰ মৃত্যু ঘটনাৰ সন্দৰ্ভত নগাওঁ জিলাৰ ৬ গৰাকী আৰক্ষীৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা কৰা হৈছে। চি বি আইৰ নিৰ্দেশ অনুসৰি এই বিষয়াকেইগৰাকীৰ বিৰুদ্ধে হ'ব বিভাগীয় তদন্ত।

বহু চৰ্চিত জোনমণি ৰাভাৰ মৃত্যু যদিও দুৰ্ঘটনাত ফলতেই হৈছিল বুলি চি বি আইয়ে তদন্তৰ অন্তত প্ৰতিবেদন দাখিল কৰিছিল তথাপিও সাধাৰণ মানুহৰ মাজত বহু প্ৰশ্ন উত্তৰ বিহীনভাৱেই ৰৈ গৈছিল। তাৰ মাজতেই চি বি আইয়ে জিলাখনৰ ৬ গৰাকী বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ দিয়াৰ বিষয়টোৱে পুনৰ সেই ঘটনাক চৰ্চাৰ মাজলৈ লৈ আহিছে।

বিভাগীয় তদন্তৰ নিৰ্দেশ দিয়া হৈছে জখলাবন্ধা আৰক্ষী থানাৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতা, হয়বৰগাওঁ আই চি আভাজ্যোতি ৰাভা, নগাঁৱৰ টিএছআই উৎপল বৈশ্য, জখলাবন্ধাৰ উপ-পৰিদৰ্শক জাকাৰিয়া চৌধুৰী, মৰিকলঙৰ উপ-পৰিদৰ্শক মনোজ বৰুৱা, কনিষ্টবল ৰেৱ বৰুৱা আৰু মজিবুৰ ৰহমানৰ বিৰুদ্ধে। ইয়াৰ পূৰ্বে আৰক্ষীয়ে বৰ্খাস্ত কৰিছে চন্দ বৰা, আনাৰুল ইছলাম নামৰ দুই গৃহৰক্ষী জোৱানক।

এই আটাইকেইগৰাকী কৰ্তব্যত গাফিলতি আৰু তথ্য প্ৰমাণ নষ্টৰ অভিযোগত অভিযুক্ত। তাৰোপৰি চি বি আইয়ে গোটেই ঘটনাত অসম আৰক্ষীৰ তদন্তত কেইবাটাও ভুল আঙুলিয়াই দিছে।

এই আটাইকেইগৰাকী বিষয়াৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সত্য প্ৰমাণ হ’লে তেওঁলোকৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ শাস্তিমূলক ব্যৱস্থা।স্মৰ্তব্য, ২০২৩ ৰ ১৬ মে’ৰ পুৱতি নিশা সংঘটিত হোৱা জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ পাছতে এয়া এক হত্যকাণ্ড বুলিয়েই চৰ্চা হৈছিল। আন একাংশই জোনমণি ৰাভাৰ পূৰ্বৰ কিছু বিতৰ্কিত কাম-কাজ আৰু সেই সময়ৰ পৰিস্থিতিত পৰি আত্ম হত্যা কৰা বুলিও সন্দেহ কৰিছিল।

জোনমণি ৰাভাৰ মৃত্যুৰ পাছতে বঙালমৰাৰ নকল সোণ, জাল নোটৰ অবৈধ ব্যৱসায়ৰ কথাও পোহৰলৈ আহিছিল। তেওঁৰ মৃত্যুৰ সময়ত সেই সময়ৰ নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে জোণমণি ৰাভাৰ কোৱাৰ্টাৰত অভিযান চলোৱাক লৈয়ো প্ৰশ্ন উত্থাপিত হৈছিল।

নকল সোণ, নকল নোটৰ এই গোটেই অবৈধ ব্যৱসায়ৰ সৈতে অসম আৰক্ষীৰ কেইবাজনো শীৰ্ষ বিষয়াৰ নাম সাঙোৰ খাইছিল। তাৰ পাছতেই ৰাজ্যজুৰি হোৱা প্ৰতিক্ৰিয়াৰ অন্তত চি আই ডিৰ পৰা তদন্ত প্ৰক্ৰিয়া চি বি আইৰ হাতলৈ গৈছিল।

অৱশ্যে চি বি আইয়ে গোটেই ঘটনাৰ তদন্ত কৰি এয়া হত্যা বা আত্মহত্যা নহয় বৰঞ্চ এক দুৰ্ঘটনাহে আছিল বুলি প্ৰতিবেদনত স্পষ্ট কৰিছিল। এই সন্দৰ্ভত চি বি আইৰ তদন্তাকাৰী দলটোৱে চলিত বছৰৰ ৬ ফেব্ৰুৱাৰীত নগাওঁ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত চূড়়ান্ত প্ৰতিবেদন দাখিল কৰিছিল।