শিক্ষা সেতু এপৰ সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ স্পষ্টিকৰণ... 
অসম

শিক্ষা সেতু এপৰ সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ স্পষ্টিকৰণ...

শিক্ষা সেতু এপত দেখুওৱা নাই মৃত শিক্ষকক নিয়মীয়া উপস্থিতি

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শিক্ষা সেতু এপত এগৰাকী মৃত শিক্ষককো দৈনিক উপস্থিতি দেখুৱাই থকা সন্দৰ্ভত ৰাজ্যৰ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে এক্সৰ জৰিয়তে স্পষ্টিকৰণ প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে শিক্ষা সেতু এপত শিক্ষকগৰাকীক অনুপস্থিতিয়েই দেখুৱাই থকা হৈছিল। কিন্তু বিদ্যালয়খনত যোৱা কিছুদিন ধৰি শিক্ষা সেতু এপ ছিংক্ৰোনাইজ নকৰাৰ বাবে এই সংস্যাৰ সৃষ্টি হৈছিল।

শিক্ষামন্ত্ৰীগৰাকীয়ে এক্সত লিখিছে- ''আজি বাতৰি কাকতত প্ৰকাশিত শিক্ষা সেতু সম্পৰ্কীয় বাতৰি সন্দৰ্ভত সমগ্ৰ শিক্ষা অসমে কালি দিনতে টুইটযোগে নিম্নোক্ত স্পষ্টীকৰণ প্ৰকাশ কৰিছে- "শিক্ষা সেতু এপত এগৰাকী মৃত শিক্ষকৰ উপস্থিতিৰ প্ৰসংগত ওলোৱা বাতৰিৰ ভিত্তিত সমগ্ৰ শিক্ষা অসমে বিষয়টো পৰীক্ষা কৰিছে। শিক্ষা সেতু প'ৰ্টেলত শিক্ষকগৰাকী অনুপস্থিত বুলি দেখুওৱা হৈছিল। পৰীক্ষাকাৰী দলটোৱে বিদ্যালয়খনৰ সৈতে যোগাযোগ কৰে আৰু জানিব পাৰে যে যোৱা কেইদিনমানৰ পৰা উপস্থিতি ছিংক্ৰোনাইজ কৰা নাছিল আৰু তাৰবাবে এই সমস্যাৰ উদ্ভৱ হয়। সমগ্ৰ শিক্ষাই তেওঁলোকক এবাৰ শিক্ষা সেতু এপৰ পৰা লগ আউট কৰি পুনৰ লগ ইন কৰিবলৈ পৰামৰ্শ দিয়ে, যিয়ে কাৰিকৰী ত্ৰুটিৰ সমাধান কৰিছে। প্ৰয়াত শিক্ষক হৰজ্যোতি দাসৰ প্ৰফাইল নিষ্ক্ৰিয় কৰা হৈছে।"