অসম

চিলাপথাৰ কেন্দ্ৰীয় ব'হাগী উৎসৱত চৰম অৰাজকতা...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিলাপথাৰঃ অহা ৩ , ৪ আৰু ৫ মে'ত চিলাপথাৰত অনুষ্ঠিত হ'ব ৫১ সংখ্যক কেন্দ্ৰীয় ব'হাগী উৎসৱ। অঞ্চলটোৰ অতিকৈ পুৰণি চিলাপথাৰ কেন্দ্ৰীয় ব'হাগী উৎসৱৰ কালি লাইখুটা স্থাপন কৰা হ'ল।

ঢোল ডগৰে ৰজনজনোৱা এক উচমুখৰ পৰিবেশৰ মাজত লাইখুটা স্থাপনৰ দৰে মাংগলিক কাৰ্যসুচী দেখা যাব বুলি ভৱা হৈছিল। পিছে কাৰ্য্যত: সেয়া পৰিলক্ষিত নহ'ল। উদযাপন সমিতিৰ মাত্ৰ ৪-৫ জন লোকেই উৎসৱৰ লাই খুটা স্থাপন কৰিব লগা হ'ল।

স্থানীয় সাংসদ,বিধায়ক, বিশিষ্ট সমাজকৰ্মী,শিক্ষাবিদ, সংস্কৃতিক কৰ্মী আদি বহু বৰেণ্য ব্যক্তিক লৈ গঠিত উদযাপন সমিতি আৰু মূল সমিতিৰ অৰ্ধশতাধিক লোকৰ ভিতৰত মাত্ৰ ৪-৫ জনৰ বাদে অনুপস্থিত থাকিল সিংহভাগ লোক। বিশাল উদযাপন সমিতি,মূল সমিতি আৰু উপসমিতি বিষ়ববীয়া সকল এই মহৎ কাৰ্যসূচীত দৃষ্টিকটু ভাৱে অনুপস্থিত থাকিল। ইয়াকে কৈ ৰাইজৰ মাজত চৰ্চা চলি।

উদযাপন বৰ্ষই ইতিমধ্যে স্বৰ্ণজয়ন্তী অতিক্ৰম কৰা উৎসৱৰ লাইখুটা স্থাপনৰ দৰে মাংগলিক অনুষ্ঠানত খোদ আয়োজক সমিতিৰ সিংহভাগ লোকৰ অসহযোগৰ ঘটনাই সচেতন ৰাইজক উদিগ্ন কৰি তুলিছে।

অবশ্যে এতিয়াও আশাবাদী উদযাপন সমিতিৰ একাংশ কৰ্মকৰ্তা। অঞ্চলটোৰ পুৰণি বিহু উৎসৱটি মহা ধুমধামেৰে অনুষ্ঠিত হ'ব বুলি প্ৰত্যাশা ৰাখি সকলোৰে সহযোগিতা কামনা কৰিছে।