অসম

নিচাযুক্ত দ্ৰব্যৰ পৰা আতঁৰি থকাৰ শপত ল'লে চিলাপথাৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিলাপথাৰঃ সমগ্ৰ দেশৰ লগতে বুধবাৰে ধেমাজি জিলাৰ চিলাপথাৰ মহাবিদ্যালয়তো অনুষ্ঠিত হয়'International day Against drugs abuse And illicit trafficking ' ৰ ওপৰত এক সজাগতা সভা।

ধেমাজি জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু চিলাপথাৰ মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হয় এই সজাগতা সভা । মহাবিদ্যালয়ৰ অধ্যক্ষ ড: লক্ষীনাথ পেগুৰ সঞ্চালনত অনুষ্ঠিত সভাত ছাত্ৰ ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু গাঁৱৰক্ষী বাহিনীৰ লোকৰ লগতে উপস্থিত থাকে জিলা আৰক্ষী প্ৰশাসন,পৰিবহণ আৰু আবকাৰী বিষয়া।

ড্ৰাগছ বিৰোধী সজাগতা সভাৰ তাৎপৰ্য,ড্ৰাগছৰ লগতে অন্যান্য নিচাযুক্ত বস্তু সেৱনৰ প্ৰভাৱ আৰু দেশৰ নৱপ্ৰজন্ম এই ৰাগিয়াল বস্তুৰ পৰা কিদৰে নিজকে ব্যৱধান ৰাখি চলিব লাগে তাৰ ওপৰত সাৰুৱা বক্তব্য প্ৰদান কৰি গঠমূলক পৰামৰ্শ প্ৰদান কৰে।

বিষয়বস্তুৰ ওপৰত ছাত্ৰ ছাত্ৰী সকলৰ সৈতে খৰচি মাৰি মত বিনিময়ো কৰে। সজাগতা সভাত ৰাগিয়াল বস্তুৰ পৰা আঁতৰি থকা আৰু পৰিবহণ বিভাগৰ নীতিনিয়ম মানি চলাৰ শপত বাক্যও পাঠ কৰে ৷