অসম

শিলচৰ NITৰ ডীন বিজয় কৃষ্ণ ৰয়ক নিলম্বন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শিলচৰ এন আই টিৰ ডীনক নিলম্বন কৰ্তৃপক্ষৰ। ছাত্ৰ নিৰ্যাতনৰ অভিযোগ আছিল শিলচৰ এন আই টিৰ ডীন বিজয় কৃষ্ণ ৰয়ৰ বিৰুদ্ধে। এই অভিযোগ আছিল প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থীসকলৰ। অভিযোগৰ ভিত্তিত শনিবাৰে ডীনগৰকীক নিলম্বন কৰে কৰ্তৃপক্ষই।

উল্লেখ্য যে, বিগত ১৫ ছেপ্টেম্বৰৰ পৰাই শিলচৰ এন আই টিত বিৰাজ কৰিছিল এক উত্তপ্ত পৰিস্থিতিয়ে। এজন ছাত্রৰ আত্মহত্যাক কেন্দ্র কৰি প্ৰতিষ্ঠানখনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। শ শ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা প্রতিষ্ঠানখনৰ ডীন বিনয় কৃষ্ণ ৰয়ৰ বাসগৃহ ঘেৰাও কৰাৰ সমান্তৰালভাবে ডীনক সপৰিয়ালে বাসগৃহত আৱদ্ধ কৰি বাহনো লণ্ড-ভণ্ড কৰিছিল। ডীনৰ গাফিলতিৰ বাবে ছাত্রজনে আত্মহত্যা কৰিবলৈ বাধ্য হোৱাৰ অভিযোগ আনিছিল শিক্ষাৰ্থীসকলে।

ইয়াৰ পাছতে ধাৰাবাহিক আন্দোলনত নামিছিল ছাত্ৰসমাজ। সপ্তাহজোৰা আন্দোলনৰ পাছত শুকুৰবাৰে কৰ্তৃপক্ষৰ সৈতে ছাত্ৰসমাজে এক দীঘলিয়া বৈঠকত বহিছিল। আলোচনাৰ অন্তত সোমবাৰে লিখিতভাৱে জাননী দিয়া হ’ব বুলি কৰ্তৃপক্ষই ছাত্ৰসমাজক প্রতিশ্রুতি প্ৰদান কৰে আৰু ইয়াৰ পাছতেই আন্দোলন প্ৰত্যাহাৰ কৰিছিল ছাত্ৰসমাজে। আৰু ইয়াৰ মাজতে শনিবাৰে প্ৰতিষ্ঠানখনৰ ডীনক নিলম্বন কৰে।