অসম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অৱশেষত প্রত্যাহাৰ কৰা হ’ল শিলচৰ এন আই টি(NIT)ৰ ছাত্র আন্দোলন। কৰ্তৃপক্ষৰে হোৱা দীঘলীয়া বৈঠকৰ পিছতেই এই আন্দোলন প্রত্যাহাৰ কৰে ছাত্ৰ সমাজে। আলোচনাৰ অন্তত সোমবাৰে লিখিতভাৱে জাননী দিয়া হ’ব বুলি কৰ্তৃপক্ষই ছাত্ৰসমাজক প্রতিশ্রুতি প্ৰদান কৰে। আৰু এই প্রতিশ্রুতি প্ৰদানৰ বাবেই ছাত্রসকলে প্রত্যাহাৰ কৰে আন্দোলন।

উল্লেখ্য যে, বিগত ১৫ ছেপ্টেম্বৰৰ পৰাই শিলচৰ এন আই টিত এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছিল। এজন ছাত্রৰ আত্মহত্যাক কেন্দ্র কৰি উক্ত দিনটোত প্ৰতিষ্ঠানখনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। শ শ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা প্রতিষ্ঠানখনৰ ডীন বিনয়কৃষ্ণৰয়ৰ বাসগৃহ ঘেৰাও কৰাৰ সমান্তৰালভাবে ডীনক সপৰিয়ালে বাসগৃহত আৱদ্ধ কৰি বাহনো লণ্ড-ভণ্ড কৰিছিল।

কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে ছাত্রজনে আত্মহত্যা কৰিবলৈ বাধ্য হোৱাৰ অভিযোগ তুলি প্ৰতিবাদ কৰা ছাত্রই পৰৱৰ্তী সময়ছোৱাত আৰক্ষীৰ সৈতেও হতাহতিত লিপ্ত হয়। আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠী চালনা কৰিবলৈ বাধ্য হোৱাত উক্ত দিনা পৰিস্থিতি সাম কাটিছিল যদিও পৰৱৰ্তী দিনাৰ পৰা এই লৈ পুনৰ ধাৰাবাহিক আন্দোলনত নামি পৰে ছাত্ৰ সমাজ। ইয়াৰ পাছতেই প্ৰায় সপ্তাহৰো অধিক দিন আন্দোলন কৰা ছাত্ৰ সমাজে শুকুৰবাৰে কৰ্তৃপক্ষৰে এক দীঘলীয়া বৈঠকত বহে। আৰু অৱশেষত বৈঠকৰ অন্তত আন্দোলন প্রত্যাহাৰ কৰিছে ছাত্ৰ সমাজে।