শিলচৰ মেডিকেল কলেজ হাস্পতালৰ ৬ কৰ্মচাৰীক বৰ্খাস্তঃ MRI, চিটিস্কেনৰ নামত চলাই আহিছিল অবৈধ বেহা... 
শিলচৰ

শিলচৰ মেডিকেল কলেজ হাস্পতালৰ ৬ কৰ্মচাৰীক বৰ্খাস্তঃ MRI, চিটিস্কেনৰ নামত চলাই আহিছিল অবৈধ বেহা...

Asomiya Pratidin

ডিজিটেল সংবাদ শিলচৰঃ শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ ৰেডিঅ'লজী বিভাগত সংঘটিত হোৱা আৰ্থিক কেলেংকাৰীত জড়িত থকাৰ অভিযোগত ৬ গৰাকীকৈ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাষ্ট কৰা হৈছে। আৰ্থিক কেলেংকাৰীৰ সৈতে জড়িত হৈ চাকৰিৰ পৰা খেদা খোৱা এই ৬ ঠিকা ভিত্তিক কৰ্মচাৰী কেইজন ক্ৰমে বিশ্বজিত দাস,সৰোজ দাস,আব্দুল ৱাহিদ চৌধুৰী,বাপন দেব,আব্দুল মুনিম লস্কৰ আৰু লাভলি বেগম লস্কৰ।

কৰ্মচাৰী কেইজনে সংঘটিত কৰা আৰ্থিক কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পাছতে শিলচৰ মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষই তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। তাৰোপৰি ৰেডিঅ'লজী বিভাগৰ ৪ গৰাকী টেকনিচিয়ানক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

কাৰণ দৰ্শোৱাৰ জাননী লাভ কৰা ৪ গৰাকী টেকনিচিয়ান ক্ৰমে কমৰুল ইছলাম লস্কৰ,বিনয় ছেত্ৰী,চামাদ আহমেদ লস্কৰ আৰু শংকৰ দেব। অভিযোগ অনুসৰি এই কৰ্মচাৰী কেইজনে শিলচৰ মেডিকেল কলেজ হাস্পতালত পঞ্জীয়নভুক্ত ৰোগীৰ উপৰিও বাহিৰৰ ৰোগীৰ চিকিৎসালয় কৰ্তৃপক্ষৰ অজ্ঞাতে MRI আৰু চিটিস্কেন কৰি লাখে লাখে অবৈধ ধন সংগ্ৰহ কৰিছিল।

ৰেডিঅ'লজী বিভাগৰ এই কৰ্মচাৰী কেইজনে দীৰ্ঘদিন ধৰি এই ৰমৰমীয়া অবৈধ কামাকাজ কৰি আহিছিল। অলপতে তিনিজনীয়া এটা বিশেষজ্ঞৰ দলে তদন্ত কৰি এই দুৰ্নীতিৰ সকলো তথ্য উন্মোচিত কৰিছিল। বিশেষজ্ঞৰ তদন্তৰ প্ৰতিবেদনৰ পাছতে শিলচৰ মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষই এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰোপৰি ঘটনা সন্দৰ্ভত শিলচৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে।