শিলচৰ

অবৈধভাৱে ভাৰতত প্ৰৱেশ : আগৰতলা ষ্টেচনত ৭জন বাংলাদেশী গ্ৰেপ্তাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,শিলচৰ : অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত ৭ গৰাকী বাংলাদেশী লোকক নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জি আৰ পি, আৰ পি এফ আৰু ত্ৰিপুৰা আৰক্ষীৰ বিশেষ শাখাই অভিযান চলাই আগৰতলা ৰে’লৱে ষ্টেচনত গ্ৰেপ্তাৰ কৰে বাংলাদেশী কেইজনক।

জানিব পৰামতে, কাঞ্চনজংঘা এক্সপ্ৰেছ উঠি চেন্নাইলৈ যোৱাৰ চেষ্টা চলাওতে বাংলাদেশী কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। ইয়াৰ ভিতৰত ৪জন পুৰুষ, ২গৰাকী মহিলা আৰু এটি প্ৰায় ১০মহীয়া শিশু আছে। উল্লেখ কৰা প্ৰয়োজন যে, দুজন পুৰুষে মহিলাৰ বেশ ধৰিছিল যদিও আৰক্ষীৰ হাতত ধৰা পৰে।

আটাইকেইগৰাকীকে আটক কৰি সোধা-পোচাৰ সময়ত তেওঁলোক আটাইকেইজন বাংলাদেশী নাগৰিক বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে। চৰকাৰী ৰে’ল আৰক্ষী কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া তাপস দাসে সদৰী কৰা মতে, বাংলাদেশী নাগৰিক কেইজনে ত্ৰিপুৰাৰ কোনটো সীমান্তৰে ভাৰতত প্ৰবেশ কৰিছিল, সেয়া সঠিকভাৱে ক’ব পৰা নাই যদিও সীমান্তৰ পৰা ৰে’ল ষ্টেচনলৈ আহিবলৈ প্ৰায় এঘণ্টা সময় লাগিছিল বুলি স্বীকাৰ কৰা বুলি জনায়।

কমিল্লা সীমান্ত বা কাষৰীয়া অঞ্চল ব্যৱহাৰ কৰি তেওঁলোকে ভাৰতত প্ৰবেশ কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। ইফালে,লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ত্ৰিপুৰা - বাংলাদেশ সীমান্তত কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ‌ পিছত কেনেকৈ ৭ গৰাকী বাংলাদেশী আগৰতলা ৰে'ল ষ্টেচনত প্ৰৱেশ কৰিলে, সেয়াও চিন্তাৰ বিষয় হৈ পৰিছে।

বিএছ এফৰ নিৰাপত্তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। বাংলাদেশী কেইজনৰ পৰা কেইবাটাও স্মাৰ্ট ফোন জব্দ কৰিছে আৰক্ষীয়ে। কোনো আন্তঃৰাষ্ট্ৰীয় গোটৰ সৈতে তেওঁলোকৰ কিবা সম্পৰ্ক আছে নেকি সেইটো নিশ্চিত কৰিবলৈ মোবাইল ফোনসমূহ আৰক্ষীয়ে পৰীক্ষা কৰি আছে।

ইফালে , গোপন তথ্যৰ ভিত্তিত অভিযান চলাই দেওবাৰে জি আৰ পিয়ে আগৰতলা ৰে'ল ষ্টেচনত এগৰাকী বাংলাদেশী যুৱতী আৰু এজন ভাৰতীয় দালালক গ্ৰেপ্তাৰ কৰিছে। দালালজনৰ জৰিয়তে বাংলাদেশী যুৱতীগৰাকীয়ে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল। যুবতীগৰাকীক বহিঃ ৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষীয়ে সন্দেহ কৰে।