শিলচৰ

বৰখলা বিধানসভা সমষ্টিত ৮,২০৮ খন ৰেচন কাৰ্ড বিতৰণ

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰঃ যোৱা ১৬ জানুৱাৰীৰ পৰা কাছাৰ জিলাত আৰম্ভ হোৱা ৰেচন কাৰ্ড বিতৰণৰ বুধবাৰে সামৰণি পৰে। ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰীমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি বৰখলা বিধানসভা সমষ্টিত ৮,২০৮ খন ৰেচন কাৰ্ড বিতৰণৰ পিছতে কাছাৰ জিলাৰ সাতটা বিধানসভা সমষ্টিত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীৰ অন্ত পৰে।

বুধবাৰে ডলু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত আয়োজিত এক অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে বৰখলা সমষ্টিৰ নতুন হিতাধিকাৰী সকলৰ বাবে ৮২০৮ খন ৰেচন কাৰ্ড বিতৰণ কৰে। এই ৮২০৮ খন ৰেচন কাৰ্ডৰ জৰিয়তে সমষ্টিটোৰ মুঠ ২৯,২১৯ গৰাকী হিতাধিকাৰী উপকৃত হ'ব।

ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত ভাষণ দি জয়ন্ত মল্ল বৰুৱাই হিতাধিকাৰী সকলক উদ্দেশ্যি কয় যে কাৰ্ডৰ বিনিময়ত যাতে কোনো মধ্যভোগী দালালক এটকাও নিদিয়ে। এই ক্ষেত্ৰত দালালক সকলকো সকিয়নী প্ৰদান কৰে তেওঁ। চতুৰ্থ শ্ৰেণীৰ চাকৰিয়াল আৰু বছৰি ৪ লাখ টকাতকৈও কম উপাৰ্জন কৰা প্ৰতিটো পৰিয়ালেই এই ৰেচন কাৰ্ড লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

অনুষ্ঠানত শিলচৰৰ সাংসদ ডা ৰাজদীপ ৰয়, জিলা আয়ুক্ত ৰোহন কুমাৰ ঝা, জিলা বিজপিৰ সভাপতি বিমলেন্দু ৰয়েও ভাষণ প্ৰদান কৰে। অনুষ্ঠানত আৰক্ষী অধীক্ষক নোমাল মাহাত্তা সহ কেবাজনো চৰকাৰী বিষয়া আৰু বিজেপি কৰ্মী উপস্থিত থাকে।