কৰিমগঞ্জৰ পুতনি চাহ বাগিচাৰ লক আউট প্ৰত্যাহাৰ বৰাক চাহ শ্ৰমিক ইউনিয়নৰ.. 
শিলচৰ

কৰিমগঞ্জৰ পুতনি চাহ বাগিচাৰ লক আউট প্ৰত্যাহাৰ বৰাক চাহ শ্ৰমিক ইউনিয়নৰ..

Asomiya Pratidin

ডিজিটেল সংবাদ শিলচৰঃ চৰকাৰী নিয়ম মতে বৰাকৰ চাহ শ্ৰমিকসকলে দৈনিক মজুৰি ২২৮ টকা পাব লাগে যদিও আজিলৈকে এই নিৰ্দেশ পালন কৰা নাই কৰিমগঞ্জৰ পুতনি চাহ বাগিচা কৰ্তৃপক্ষই। চৰকাৰী নিয়ম অনুসৰি ২২৮ টকা মজুৰি বিচাৰি শ্ৰমিক সকলে কৰ্তৃপক্ষক দাবী জনোৱাৰ পিছতে যোৱা বৃহস্পতিবাৰে হঠাতে চাহ বাগিচাখন লক আউট কৰি দিয়ে বাগিচা কৰ্তৃপক্ষই।

ইয়াৰ পিছতে ক্ষোভিত হৈ পৰে শ্ৰমিকসকল। পিছত বিষয়টো বৰাক চাহ শ্ৰমিক‌ ইউনিয়নৰ দৃষ্টি গোচৰ কৰে শ্ৰমিকসকলে।‌ এই খবৰ পোৱাৰ পিছত বৰাক চাহ শ্ৰমিক ইউনিয়নে বাগিচা কৰ্তৃপক্ষ, কৰিমগঞ্জ‌ জিলা প্ৰশাসন আৰু শেষত শনিবাৰে সহকাৰী লেবাৰ কমিছনাৰৰ সৈতে‌ আলোচনাত বহি শীঘ্ৰে পুতনি চাহ বাগিচাৰ লোক আউট প্ৰত্যাহাৰৰ‌ দাবী জনায়।

শনিবাৰে শিলচৰৰ‌ সহকাৰী লেবাৰ কমিছনাৰৰ সৈতে‌ হোৱা আলোচনাত চাহ বাগিচা কৰ্তৃপক্ষ, শ্ৰমিক ইউনিয়ন প্ৰশাসনসহ বিভিন্ন চাহ বাগিচা সংঠনৰ‌ নেতৃত্বই অংশগ্ৰহণ কৰে।‌ আলোচনাৰ শেষত দেওবাৰৰ‌ পৰা পুতনি চাহ বাগিচাৰ লক আউট প্ৰত্যাহাৰৰ‌ সিদ্ধান্ত লোৱা হয়।

তদুপৰি, শ্ৰমিক ইউনিয়নৰ দাবী অনুসৰি শ্ৰমিকসকলৰ দৈনিক মজুৰি ২২৮ টকা আদায় দিবলৈও সন্মত হয় পুতনি চাহ বাগিচা কৰ্তৃপক্ষ।‌ লগতে যোৱা সপ্তাহৰ অনাদায় শ্ৰমিকসকলৰ মজুৰিও সোমবাৰে আদায় দিবলৈ সন্মত হয় চাহ বাগিচা কৰ্তৃপক্ষই।

শনিবাৰে শিলচৰৰত আয়োজিত এক সংবাদ মেলত এই কথা সদৰী কৰে বৰাক চাহ শ্ৰমিক ইউনিয়নৰ সভাপতি তথা কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লা আৰু সম্পাদক ৰাজদীপ গোৱলাই।