শিলচৰ

মঙলবাৰে মনোনয়ন দাখিল কৰিব ধ্ৰুবজ্যোতি পুৰকায়স্থইঃ সমৰ্থনৰ বাবে শিলচৰত ভূপেন বৰা...

Asomiya Pratidin

ডিজিটেল সংবাদ,শিলচৰ: মঙলবাৰে মনোনয়ন দাখিল কৰিব ধলাই সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুবজ্যোতি পুৰকায়স্থই। তেওঁক সংগ দিবলৈ ইতিমধ্যে সোমবাৰেই দেবব্ৰত শইকীয়া সহ কেইবাজনো বিধায়কক লগত লৈ শিলচৰত উপস্থিত হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাতৰ বাবে ধলাই বিজেপি বিভক্ত হোৱাৰ পিচত যথেষ্ট উৎসাহিত হৈছে শিলচৰ কংগ্ৰেছ। সেয়ে শিলচৰত ভৰি দিয়েই এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হোৱা বুলি মন্তব্য কৰে ভূপেন বৰাই।

দীৰ্ঘদিন ধৰি বৰাক উপত্যকাক মন্ত্ৰী শূন্য কৰি ৰখা, ডিলিমিটেছনৰ নামত বৰাকৰ দুটা সমষ্টি কৰ্তন কৰা সহ বিভিন্ন দিশৰ পৰা বৰাকক বঞ্চিত কৰা বিজেপিক এইবাৰ ধলাই সমষ্টিৰ উপ নিৰ্বাচনৰ দিনা ৰাইজে উচিত উত্তৰ দিব বুলি মন্তব্য কৰে ভূপেন বৰাই। কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুবজ্যোতি পুৰকায়স্থ বিপুল ভোটত জয়ী হব বুলিও দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে।

ইফালে, কংগ্ৰেছৰ লগত যোগাযোগ অব্যাহত ৰখা বিক্ষুব্ধ বিজেপি নেতা কৰ্মী সকলৰ বাবে দলৰ দুৱাৰ খোলা আছে বুলিও মন্তব্য কৰে ভূপেন বৰাই। এতিয়া বিজেপিৰ দিন উকলা বুলি মন্তব্য কৰি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ‌ মোডী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কটাক্ষ কৰে। লগতে বিহালী সমষ্টিত চিপিএম আৰু কংগ্ৰেছৰ কাক প্ৰাৰ্থী দিয়া হব সেয়া আজি সন্ধিয়া জীতেন্দ্ৰ সিঙে অবগত কৰিব বুলি মন্তব্য কৰে ভূপেন বৰাই।

ইফালে, ধলাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাস বাংলাদেশী বুলি বিজেপিৰ টিকট বঞ্চিত অমিয় কান্তি দাসে কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ কৌশলগত উত্তৰ দিয়ে ভূপেন বৰাই। উল্লেখ্য যে, ২০২৬ চনত কংগ্ৰেছ ক্ষমতালৈ আহিলে বিজেপিৰ অৰুণোদয়ৰ পৰিৱৰ্তে কংগ্ৰেছে ন লখিমী আঁচনিৰ জৰিয়তে প্ৰতিটো পৰিয়ালক মাহে তিনি হাজাৰকৈ টকা দিয়াৰ লগতে প্ৰতিটো চিলিণ্ডাৰ ৫০০ টকাত দুখীয়া লোকক আগবঢ়াব‌ বুলি ঘোষণা কৰে ভূপেন বৰাই।