শিলচৰ

শিলচৰত তীব্ৰতৰ হৈছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰঃ শিলচৰ লোকসভা সমষ্টিত তীব্ৰতৰ হৈছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ। বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই শিলচৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আঠটা বিধানসভা সমষ্টিতে ব্যাপক হাৰত চলাইছে নিৰ্বাচনী প্ৰচাৰ। সোমবাৰে বৰখলা বিধানসভা সমষ্টিত কেবাখনো নিৰ্বাচনি সভাত অংশগ্ৰহণ কৰে পৰিমল শুক্লবৈদ্যই।

বৰযাত্ৰাপুৰ, বেলাকোনা, দূধপুৰ, বুৰিবাইল আদি এলেকাত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। প্ৰায় ৭০বছৰ ক্ষমতাত থাকি কংগ্ৰেছে কেৱল দেশখন লুটিপুটি খাইছে। ৭০বছৰত কংগ্ৰেছে কৰিব নোৱাৰা কাম বিজেপিয়ে মাত্ৰ ছয় বছৰতে কৰা বুলি উল্লেখ কৰে পৰিমল শুক্লবৈদ্যই। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বৰ্তমান ভাৰতবৰ্ষ অৰ্থনৈতিক ক্ষেত্ৰত বিশ্বৰ পঞ্চম স্থানত থকা বুলিও মন্তব্য কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে।

ইফালে, বিগত বিধানসভা নিৰ্বাচনত সোণাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী আমিনুল হক লস্কৰক পৰিমল শুক্লবৈদ্যই হৰুউৱা বুলি আমিনুল হক লস্কৰে কৰা অভিযোগ সন্দৰ্ভত পৰিমলে কয়, কাম নাই বাবেই আমিনুল হকে এইদৰে আবোল তাবোল বলকিছে। তদুপৰি এআই ইউ ডিএফক বাদ দি বিজেপি চলিব নোৱাৰে বুলি আমিনুল হকে কৰা মন্তব্য সন্দৰ্ভতো পৰিমলে তাৎচিল্য কৰে আমিনুল হক লস্কৰক।