শিলচৰ মেডিকেল কলেজ হাস্পতালত ১৩.৫৬ কোটি টকাৰে নিৰ্মাণ হ'ব অত্যাধুনিক বাৰ্ণ ৱাৰ্ড... 
শিলচৰ

শিলচৰ মেডিকেল কলেজ হাস্পতালত ১৩.৫৬ কোটি টকাৰে নিৰ্মাণ হ'ব অত্যাধুনিক বাৰ্ণ ৱাৰ্ড...

Asomiya Pratidin

ডিজিটেল সংবাদ শিলচৰ: বৰাকৰ অগ্নিদগ্ধ ৰোগীসকলৰ বাবে সুখবৰ। শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত নিৰ্মিত হ'ব এটা অত্যাধুনিক বাৰ্ণ ৱাৰ্ড। ৩০ খন বিচনাযুক্ত এই নতুন বাৰ্ণ ৱাৰ্ডত ১০ টা আই চি ইউ আৰু ২০ খন সাধাৰন বিচনাৰ সুবিধা থাকিব।

এটা জি প্লাচ টু ভৱনত নিৰ্মাণ কৰা হ'ব এই অত্যাধুনিক বাৰ্ণ ৱাৰ্ডটো। এই নতুন বাৰ্ণ ৱাৰ্ড নিৰ্মাণৰ সকলো খৰচ বহন কৰিব অ' এন জি চি ফাউণ্ডেচনে। ইতিমধ্যে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু অ' এন জি চি ফাউণ্ডেচনৰ‌ মাজত এই সংক্ৰান্তত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে।

চুক্তিত স্বাক্ষৰ কৰিছে শিলচৰ মেডিকেল কলেজ, হাস্পতালৰ কৰ্তৃপক্ষৰ হৈ অধ্যক্ষ ডা: ভাস্কৰ গুপ্ত আৰু অ' এন জি চি ফাউণ্ডেচনৰ হৈ প্ৰবন্ধক বিপুল বৰগোঁহায়ে। জি প্লাচ টু ভৱনসহ বাৰ্ণ ৱাৰ্ডটো নিৰ্মাণৰ বাবে ১৩.৫৬ কোটি টকা প্ৰদান কৰিব অ' এন জি চি ফাউণ্ডেচনে।

অতি শিঘ্ৰেই শিলচৰ মেডিকেল কলেজ হাস্পতালত নিৰ্মাণ হ'ব এই নতুন বাৰ্ণ ৱাৰ্ডটো। এই বাৰ্ণ ৱাৰ্ডটো নিৰ্মাণ হলে বৰাকৰ অগ্নিদগ্ধ ৰোগীসকল যথেষ্ট উপকৃত হ'ব বুলি জানিবলৈ দিছে শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধ্যক্ষ ডা: ভাস্কৰ গুপ্তই।