শিলচৰ

মন্ত্ৰী অশোক সিংঘল নেতৃত্বাধীন সীমা নিৰ্ধাৰণ কমিটিক "বঙালী বিৰোধী" আখ্যা কাছাৰ বিজেপিৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণকলৈ এখন খচৰা প্ৰস্তুত হৈছে। এই লৈ ৰাজ্যজুৰি অব্যাহত আছে বাদ- বিবাদ । সমষ্টি নিৰ্ধাৰণ খচৰা প্ৰস্তুত হোৱাৰ পিছতেই বৃহস্পতিবাৰে ছিলচৰত অনুষ্ঠিত হয় কাছাৰ বিজেপিৰ এক গুৰুত্বপূৰ্ণ বৈঠক । আজি অনুষ্ঠিত হোৱা এই বৈঠকত ভাগ ল'বলৈ দিয়া হোৱা নাছিল কোনো সংবাদ কৰ্মীক । ছিলচৰৰ এখন হোটেলত অনুষ্ঠিত হৈছিল এই বৈঠকখনিৰ ।

আজিৰ বৈঠক খনিত উপস্থিত থাকে ছিলচৰৰ সাংসদ ৰাজদ্বীপ ৰয়, কাছাৰ বিজেপি প্ৰেছিডেন্ট বিমেলেন্দু ৰয় , ছিলচৰৰ বিধায়ক দ্বীপায়ন ছক্ৰৱৰ্তীকে ধৰি ৫০০ত কৈও অধিক বিজেপি নেতা-কৰ্মী । বৈঠকখনিত নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াকলৈ তীব্ৰ সমালোচনা কৰে নেতাসকলে ।

আজিৰ বৈঠকত হেমাংগ শেখৰ দাসে কয় যে, অসমৰ মুঠ বেংগলী জনসংখ্যা হৈছে ৭.৫ মিলিয়ন । ইয়াৰে ৬.৪ মিলিয়ন বেংগলী ভোটাৰ আছে । ৫ মিলিয়নতকৈ অধিক বেংগলী ভোটাৰে বিজেপিক সমৰ্থন কৰে । অশোক সিংঘালৰ অধিনত থকা সমষ্টি নিৰ্ধাৰণৰ কমিটিত এজনো বেংগলি প্ৰতিনিধি নাই কিয় বুলিও আজিৰ বৈঠকত প্ৰশ্ন উত্থাপন কৰে হেংমাংগ শেখৰ দাসে ।

এই বৈঠকতে কাছাৰ বিজেপিয়ে মন্ত্ৰী অশোক সিংঘল নেতৃত্বাধীন সীমা নিৰ্ধাৰণ কমিটিক "বঙালী বিৰোধী" আখ্যা দিছে । লগতে মন্ত্ৰী অশোক সিংঘালক এই আয়োগৰ পৰা আঁতৰ কৰিবলৈ দাবী জনাইছে । যদি সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া নিৰপেক্ষ আৰু স্বচ্ছ ভাৱে কৰা নহয় তেনেহলে গণ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে কাছাৰ বিজেপিয়ে ।