প্ৰৱঞ্চক শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ অধ্যক্ষক ঘেৰাও শিক্ষাৰ্থীৰ... 
শিলচৰ

প্ৰৱঞ্চক শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ অধ্যক্ষক ঘেৰাও শিক্ষাৰ্থীৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ শিলচৰ: এইবাৰ এগৰাকী অপৰাধী আৰু প্ৰৱঞ্চক শিক্ষকৰ বিৰুদ্ধে ব্যৱস্হা ল'বলৈ অধ্যক্ষক ঘেৰাও কৰিলে কাছাৰ কলেজৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে। মঙলবাৰে কলেজৰ অধ্যক্ষ সিদ্ধাৰ্থ শঙ্কৰ নাথক ঘেৰাও কৰি এইসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰৱঞ্চক শিক্ষক জনৰ‌ বিৰুদ্ধে বিহীত ব্যৱস্হা ল'বলৈ অধ্যক্ষ আৰু কলেজ কৰ্তৃপক্ষক দাবী জনায়।

জয়দীপ বিশ্বাস নামৰ অৰ্থনীতি বিভাগৰ শিক্ষকগৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ-ছাত্ৰীসকলে সংবাদ মাধ্যমৰ আগত কয় যে, জয়দীপ বিশ্বাসে অসম বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ পদৰ বাবে ২০১২ চনত যি নথিপত্ৰ দাখিল কৰিছিল, সেয়া সকলো ভুৱা। এই সন্দৰ্ভত অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শিক্ষক জনৰ ভুৱা নথি ধৰা পেলাই এখন মাইনুটছো প্ৰস্তুত কৰিছিল।

প্ৰমাণ হিচাপে এই মাইনুটছখনো‌ দাঙি ধৰে ছাত্ৰ-ছাত্ৰীসকলে। বিষয়টো কাছাৰ কলেজ কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পিছতো আজিলৈ শিক্ষক জয়দীপ বিশ্বাসৰ বিৰুদ্ধে কোনো ব্যৱস্হা লোৱা নহ'ল বুলি অভিযোগ ছাত্ৰ-ছাত্ৰীসকলৰ।‌

ইফালে, কলেজত থকা সকলো চিচিটিভি কেমেৰা অচল হোৱা আৰু আজিলৈ সকলো ছাত্ৰ-ছাত্ৰীয়ে ইউনিফৰ্ম নোপোৱা আদি অভিযোগো উত্থাপন কৰে কলেজ কৰ্তৃপক্ষৰ‌ বিৰুদ্ধে।