কাছাৰৰ বৰখলাত চকুৰ সন্মুখতে নৈত বিলীন বাসগৃহঃ আশ্ৰয় শিবিৰ বিচাৰি গাওঁবাসীৰ হাহাকাৰ... 
শিলচৰ

কাছাৰৰ বৰখলাত চকুৰ সন্মুখতে নৈত বিলীন বাসগৃহঃ আশ্ৰয় শিবিৰ বিচাৰি গাওঁবাসীৰ হাহাকাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰীমালৰ প্ৰভাৱত ৰাজ্যত ধুমুহাৰ সৈতে অহা প্ৰৱল বৃষ্টিপাতৰ ফলত এতিয়া বিভিন্ন স্থানত বানপানীৰ সৃষ্টি হৈছে। কাছাৰৰ বৰখলাত জাটিঙ্গা নৈৰ পানী বৃদ্ধি পোৱাৰ ফলত এতিয়া বিভিন্ন স্থানত খহনীয়াৰ সৃষ্টি কৰি পৰিস্থিতি জটিল কৰি তুলিছে।

বিশেষকৈ বৰখলাৰ ছেছৰী গাঁৱত গাওঁবাসীৰ চকুৰ সন্মুখতেই নৈৰ বুকত কেইবাটাও বাসগৃহ বিলীন হৈ পৰা দৃশ্যই সকলোকে ভীতিগ্ৰস্ত কৰি তোলাই নহয় তেওঁলোকৰ ভৱিষ্যতক লৈয়ো চিন্তিত কৰি তুলিছে।

উল্লেখ্য যে, যোৱা দুদিনৰ ধাৰাষাৰ বৰষুণত বৰাক,জাটিঙ্গা, মধুৰাসহ বিভিন্ন নৈ, উপনৈৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে। ফলত প্ৰতিখন নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

ইয়াৰ মাজতে কাছাৰ বৰখলা ছেছৰী পুৰন্দৰপুৰ গাঁৱত জাটিঙ্গা নৈৰ খহনীয়াই লৈছে তীব্ৰ ৰূপ। জাটিঙ্গা নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলতে নৈৰ প্ৰবল সোঁতে উটুৱাই নিলে অঞ্চলটোৰ কেইবাটাও বাসগৃহ।

গাওঁবাসীৰ চকুৰ সন্মুখতেই নৈৰ বুকুত বিলীন হৈছে চাৰিটাকৈ বাসগৃহৰ লগতে ভেঁটিমাটিসহ গছগছনি। এতিয়াও খহনীয়াৰ কৱলত আছে অঞ্চলটোৰ আন কেইবাটাও বাসগৃহ।

যিকোনো সময়ত এই বাসগৃহ কেইটা নৈত জাহ যোৱাৰ আশংকা কৰা হৈছে। যাৰবাবে আতংকৰ মাজত দিন কটাবলগীয়া হৈছে নৈপৰীয়া ৰাইজে । খহনীয়াৰ আতংকত প্ৰয়োজনীয় বয়বস্তু লৈ নিৰাপদ স্থানত আশ্ৰয় লৈছে খহনীয়াৰ কৱলত পৰা লোক সকলে। 

ইফালে এই লোকসকলৰ এনে বিপদৰ সময়ত প্ৰশাসনে গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। তেওঁলোকে আশ্ৰয় শিবিৰ বিচাৰিও প্ৰতিবাদ কৰিবলগীয়া এক পৰিস্থিতিৰ সূচনা হৈছে।