'নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত চৰকাৰে পালন কৰিব শূন্য সহনশীল নীতি' 
শিলচৰ

'নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত চৰকাৰে পালন কৰিব শূন্য সহনশীল নীতি'

Asomiya Pratidin

ডিজিটেল সংবাদ শিলচৰ: যৌন নিৰ্যাতন, নাৰী জনিত অপৰাধ আদিৰ দৰে অক্ষমনীয় অপৰাধৰ ক্ষেত্ৰত অসম চৰকাৰে শূন্য সহনশীলতাৰ নীতি কঠোৰ ভাবে পালন কৰিব।‌ এই বিষয়ত কোনো আপোচ কৰা নহ'ব। ইতিমধ্যে আৰক্ষীয়ে এই শূন্য সহনশীল নীতি ক্ষীপ্ৰতাৰে কাৰ্যকৰী কৰি আহিছে।‌

ধিং কাণ্ডৰ সন্দৰ্ভচ শনিবাৰে শিলচৰত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ধিঙত সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা তিনি অভিযুক্তৰ ভিতৰত মূল অভিযুক্তক গ্ৰেপ্তাৰৰ পিছত নিশা পলাবলৈ চেষ্টা কৰাত পুখুৰীত পৰি মৃত্যু হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় আন দুই অভিযুক্তকো শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে।

বিগত লোক সভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত যোৱা এমাহৰ ভিতৰত ৰাজ্যত যৌন নিৰ্যাতনৰ ঘটনা বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰাৰ লগতে এতিয়া এই ধৰণৰ ঘটনা কিছু হ্ৰাস পাইছে বুলিও মন্তব্য কৰে।

ইফালে,অসমত নিষিদ্ধ ঘোষিত সংগঠন আলফা, স্বাধীন আজিও যথেষ্ট শক্তিশালী বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, বৰ্তমানেও পৰেশ বৰুৱাৰ সৈতে ৭০০ গৰাকী দুধৰ্ষ আলফা কেডাৰ আছে। তেওঁলোকৰ লগত আছে বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ।

অৱশ্যে, আলফা, স্বাধীনক তেওঁ মূল সুঁতিলৈ ঘূৰাই আনিবলৈ চৰকাৰৰ চেষ্টা অব্যাহত থকাৰ কথাও উল্লেখ কৰে। সংবাদ মেলত তেওঁ জাগীৰোডত টাটা গ্ৰুপে ছেমি কণ্ডাক্টৰ স্থাপনৰ উদ্যোগ গ্ৰহণ কৰাৰ সময়তে আলফাই একে দিনাই ২৫ টা স্থানত বোমা সংস্থাপন কৰা বিষয়টোত পুনৰ এবাৰ উদ্বেগ প্ৰকাশ কৰিছে।

তেওঁ কয়, আলফাই এনদৰে আতংকময় এক পৰিবেশ সৃষ্টি কৰিলে অসমলৈ বিনিয়োগৰ বাবে কোনো উদ্যোগপতি আগবাঢ়ি নাহিব।

আনহাতে দেশত নাগাৰিকত্ব সংশোধনী আইন চমুকৈ চি এ এ বা 'কা' কাৰ্যকৰী হোৱাৰ পিছত ২০ লাখ বাংলাদেশী অসমলৈ আহিব বুলি একাংশ ৰাজনৈতিক দল আৰু জাতীয় সংগঠনে মিছাকৈ হৈ ছৈ কৰি আন্দোলন কৰা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। কা কাৰ্যকৰী হোৱাৰ লগতে সম্প্ৰতী বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ ঘটনাৰ পিছতো এজনো বাংলাদেশী অসমত প্ৰৱেশ কৰা নাই বুলি দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইয়াৰ বিপৰীতে প্ৰতিদিনে অসমত বাংলাদেশৰ পৰা মুছলমান বাংলাদেশী প্ৰৱেশ কৰি আহিছে বুলিহে কয়। সংবাদ মেলত তেওঁ ৰাজ্যৰ কা আন্দোলনকাৰীসকলকো কঠোৰ সমালোচনা কৰে।