শিলচৰ

কাছাৰত বুজন পৰিমাণৰ হেৰ'ইন জব্দঃ এজনক গ্ৰেপ্তাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,কাছাৰঃ কাছাৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সাফল্য।‌ বৃহস্পতিবাৰে নিশা লক্ষীপুৰৰ SDPO পাৰ্থ প্ৰতীম দুৱৰাৰ নেতৃত্বত সোণাই নগদীৰগ্ৰামত অভিযান চলাই এখন এলটো বাহনত ৪৪ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে।

বাকচ কেইটাৰ পৰা মুঠ ৫৭২ গ্ৰাম হেৰʼইন জব্দ হয়। হেৰ'ইন সৰবৰাহৰ অভিযোগত আনোৱাৰ হুছেইন লস্কৰ নামৰ এজন সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জব্দ কৰা হেৰ'ইনৰ মূল্য কেইবা কোটি টকা বুলি অনুমান কৰা হৈছে।

হেৰ'ইনখিনি মিজোৰামৰ পৰা কাছাৰলৈ অনাৰ সময়ত জব্দ কৰা হয়। আৰক্ষীয়ে ড্ৰাগছ সহ ধৃত আনোৱাৰ হুছেইনক সোণাই থানালৈ নি তদন্ত আৰম্ভ কৰিছে।